বোকাখাতত আয়ুস্কৰ উদ্যোগত চিত্ৰকলাৰ কৰ্মশালা : সামৰণি অনুষ্ঠানত চিত্ৰকলা অধ্যয়ন নামৰ গ্ৰন্থ উন্মোচন :

 

বোকাখাতত আয়ুস্কৰ উদ্যোগত চিত্ৰকলাৰ কৰ্মশালা  :  সামৰণি অনুষ্ঠানত চিত্ৰকলা অধ্যয়ন নামৰ গ্ৰন্থ উন্মোচন  :

Aiidesh News  : 17 July 2023  : 

বোকাখাতৰ আয়ুষ্কৰ চিত্ৰকলা বিদ্যালয়ে গ্রীষ্মবন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক বিকাশ সাধনৰ উদ্দেশ্যে ১৪, ১৫ আৰু ১৬ জুলাইত আয়োজন কৰা চিত্রকলা কৰ্মশালাৰ আজি সামৰণি পৰে ৷  এই উপলক্ষে বোকাখাতত থকা আয়ুস্কৰ ভৱনত আয়োজিত সামৰণি অনুষ্ঠানত আয়ুস্কৰ চিত্ৰকলা বিদ্যালয়ৰ বিদ্যালয়ৰ অধ্যক্ষ বিজয় তাঁতীৰ চিত্ৰকলা অধ্যয়ন নামৰ এখন গ্ৰন্থও উন্মোচন কৰা হয় ৷ উন্মোচন কৰে নুমলীগড় শোধনাগাৰৰ জেষ্ঠ প্ৰৱন্ধক মিন্তু সন্দিকৈয়ে ৷ আয়ুষ্কৰ চিত্ৰকলা বিদ্যালয়ৰ সম্পাদক শ্ৰীমন্ত মাধৱ বৰাই আঁত ধৰা অনুষ্ঠানত

আদৰণি ভাষণ প্ৰদান কৰে সভাপতি তিলোৰাম কলিতাই ৷ অনুষ্ঠানত কৰ্মশালাৰ সমল ব্যক্তি লংকাৰ হেমন্ত কুমাৰ চাহু আৰু হোজাইৰ ৰঞ্জিত সিনহাৰ উপৰিও আয়ুষ্কৰ চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ বিজয় কুমাৰ তাঁতী আৰু বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াও উপস্থিত থাকে ৷

অনুষ্ঠানৰ লগত সংগতি ৰাখি বিগত তিনিটা দিনত আয়োজিত চিত্ৰকলাৰ কৰ্মশালাত ছাত্ৰ ছাত্ৰী সকলে নিৰ্মানকৰা শিল্প সামগ্ৰী প্ৰদৰ্শন কৰাৰ উপৰিও মিন্টু সন্দিকৈকো এটি শিল্পকৰ্ম বিদ্যালয়ৰ তৰফৰ পৰা প্ৰদান কৰা হয় ৷ অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ বিষয়া মিন্টু সন্দিকৈয়ে চিত্ৰকলাৰ ক্ষেত্ৰখনত বোকাখাতৰ আয়ুস্কৰ চিত্ৰকলা বিদ্যালয়ে আগবঢ়োৱা অৱদানৰ শলাগলৈ সাধৰণ পাঠ্যপুথিৰ চিত্ৰ অংকনৰ প্ৰশিক্ষণো ছাত্ৰ ছাত্ৰী দিবৰ বাবে পৰামৰ্শ আগবঢ়ায় ৷ অনুষ্ঠান আমন্ত্ৰিত সকলো ব্যক্তিকে আয়ুস্কৰৰ তৰফৰ পৰা ফুলাম গামোছাৰে আদৰণী জনোৱা হয় ৷ 

************