ভেনিজুৱেলাৰ প্ৰতি ট্ৰাম্প কু-দৃষ্টি

ভেনিজুৱেলাৰ প্ৰতি ট্ৰাম্প কু-দৃষ্টি
ভেনিজুৱেলা

আমেৰিকাই 2019 চনত ভেনিজুৱেলাৰ প্ৰধান তেল কোম্পানী PDVSA ৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ কৰি আমেৰিকাত থকা এই কোম্পানীটোৰ $7 বিলিঅন ডলাৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল। যাৰ ফলত ভেনিজুৱেলাৰ Oil Refinery সমূহ ভীষণ ভাবে বাধাগ্ৰস্ত হৈছিল। এই সময়ছোৱাত ইৰানে ভেনিজুৱেলাৰ Refinery সমূহ পুনৰ সক্ৰিয় কৰি সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ভেনিজুৱেলাই ইৰাণলৈ যোৱা 30 এপ্ৰিলত 9 টন (Gold) সোণ প্ৰতিদান হিচাপে প্ৰেৰণ কৰিছে।

প্ৰসংগক্ৰমে উল্লেখ্য যে ভেনিজুৱেলাত আছে পৃথিৱীৰ আটাইতকৈ বেছি খাৰুৱা তেল । দ্বিতীয়তে, পৃথিৱীৰ 25 সংখ্যক বৃহৎ সোণৰ ভাণ্ডাৰ থকা দেশখন হৈছে ভেনিজুৱেলা। World Gold Council ৰ তথ্য অনুসৰি ভেনিজুৱেলাৰ হাতত আছে 161.2 টন সোণৰ ভঁৰাল। ডোনাল্ড ট্ৰাম্পৰ চকু এতিয়া ভেনিজুৱেলাৰ Crude Oil আৰু Gold ৰ ওপৰত।