কাজিৰঙাৰ এনিমেল কৰিডৰত নিষেধজ্ঞা : কৰিডৰ এলেকাত সকলো ধৰনৰ নতুন নিৰ্মান কাৰ্য নিষিদ্ধ বোকাখাত মহকুমা দণ্ডাধীশৰ :

কাজিৰঙাৰ এনিমেল কৰিডৰত নিষেধজ্ঞা  : কৰিডৰ এলেকাত সকলো ধৰনৰ নতুন নিৰ্মান কাৰ্য নিষিদ্ধ বোকাখাত মহকুমা দণ্ডাধীশৰ :
Aiidesh photo
কাজিৰঙাৰ এনিমেল কৰিডৰত নিষেধজ্ঞা  : কৰিডৰ এলেকাত সকলো ধৰনৰ নতুন নিৰ্মান কাৰ্য নিষিদ্ধ বোকাখাত মহকুমা দণ্ডাধীশৰ :

কাজিৰঙাৰ এনিমেল কৰিডৰত নিষেধজ্ঞা  : কৰিডৰ এলেকাত সকলো ধৰনৰ নতুন নিৰ্মান কাৰ্য নিষিদ্ধ বোকাখাত মহকুমা দণ্ডাধীশৰ


Aiidesh News  :  28 October  : 


ভাৰতৰ উচ্চতম ন্যায়লয়ে ২০১৯ চনৰ ১২ এপ্ৰিলত দিয়া 42944/2019 on WP(C)202/1995 নম্বৰৰ নিৰ্দেশনাৰ উদ্ধৃতিৰে বোকাখাতৰ মহকুমা দণ্ডাধীশে বোকাখাত মহকুমাৰ অধীনত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গুৰুত্বপুৰ্ণ দুটা এনিমেল কৰিডৰ বা বুলনিত কেতবোৰ নিশেধাজ্ঞা আৰোপ কৰিছে ৷


ভাৰতীয় দণ্ডাবিধি আইনৰ ১৪৪ ধাৰা অনুসৰি বৃহস্পতিবাৰে বোকাখাত মহকুমা দণ্ডাধীশ ডা৹ নেহা যাদৱে জাৰি কৰা এই নিষেধাজ্ঞা অনুসৰী মহকুমাটোৰ অধীনৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত থকা কাজিৰঙাৰ পানবাৰী আৰু হালধীবাৰী এনিমেল কৰিডৰ এলেকাত কোনোধৰণৰ নতুন নিৰ্মান কাৰ্য কৰিব নোৱাৰিব ৷


নিৰ্দেশানুসৰী এনিমেল কৰিডৰ এলেকাত থকা ধাবা বা ৰেষ্টুৰেন্টৰ উপৰিও সমগ্ৰ কৰিডৰ এলেকাত কোনো যান বাহন ৰখা কাৰ্ষক কঠোৰ ভাৱে নিষেধ কৰা হৈছে ৷


কৰিডৰ এলেকাত উচ্চ শক্ৰি সম্পন্ন আৰু প্ৰখৰ বৈদ্যুতিক পোহৰৰ ব্যৱহাৰৰ লগতে উচ্চ ক্ষমতা সম্পন্ন শব্দ যন্ত্ৰৰ ব্যৱহাৰৰ ওপৰতো কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷


তাৎক্ষনিক ভাৱে বলবৎ কৰা এই নিৰ্দেশ মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌকাষ আৰু সংযোজন এলেকাত উচ্চ শক্তি সম্পন্ন হৰ্নৰ ব্যৱহাৰৰ ওপৰতে নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷
এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডাবিধি আইনৰ ১৮৮ নম্বৰ ধাৰাৰ অধীনত উলংঘাকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰা হ'ব বুলিও নিৰ্দেশত উল্লেখ কৰা হৈছে ৷

*********