কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ :
Photo : Uttam Saikia
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ : 


AIIDESH NEWS. 21 May :


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত আজি পুৱা কৰ্মৰত বনকৰ্মীয়ে এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰে  ৷ শনিবাৰৰ নিশা পাৰস্পৰিক যুঁজত মৃত্যু হোৱা মতা ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহ আজি পুৱা বুঢ়াপাহাৰ বনাঞ্চলৰ জনতা নামৰ বনশিৱিৰ এলেকাৰ জনতা টঙীৰ নাতিদুৰতে বনকৰ্মীয়ে উদ্ধাৰ কৰে ৷ দুবছৰীয়া এই মতা ঢেকীয়াপতীয়া বাঘটো পাৰস্পৰিক যুঁজত মৃত্যু হোৱা বুলি মৰোনোত্তৰ পৰীক্ষাত প্ৰকাশ ৷ মৃত বাঘ উদ্ধাৰৰ খবৰ পায়ে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু ডি এফ অ' ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত এটা বন বিষয়া আৰু পশু চিকিৎসকৰ দলে ঘটনা স্থলীতে উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ পাচত সকলোৰে উপস্থিতিত ঘটনাস্থলীতে ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ নীতি নিৰ্দেশনাৰে মৃত ঢেকীয়াপতীয়া বাঘটোৰ মৰোনোত্তৰ পৰীক্ষা কৰা হয় ৷ কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ পানজিত বসুমতাৰীয়ে বাঘটোৰ মৰোনোত্তৰ পৰীক্ষা কৰে ৷ মৰোনোত্তৰ পৰীক্ষাত দুবছৰীয়া মতা ঢেকীয়াপীয়া বাঘৰ পোৱালীটোৰ শৰীৰৰ বিভিন্ন স্থান অন্য বাঘে কৰা আক্ৰমনৰ চিহ্নৰ পোৱাৰ লগতে বাঘৰ আক্ৰমনত বাঘটোৰ মুৰৰ হাঁড়ও ভাঙি যায় বুলি জনায় ৷ মৰোনোত্তৰ পৰীক্ষাৰ শেষত ঘটনাস্থলীতে সকলোৰে উপস্থিতিত মৃত বাঘটোৰ সৎকাৰ কৰা হয় ৷ উল্লেখ্য যে চলিত বৰ্ষত কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰৰ এইয়া চতুৰ্থ ঘটনা ৷