ৰেচন কাৰ্ড , গৃহ নথকা লোকলৈ ৫ কেজি চাউল
                        গুৱাহাটী নুনমাটি আৰু চাংসাৰিৰ এফ চি আই গুদাম পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি কয় যে ৰাজ্য খনৰ যাতে এজনো লোকে খাদ্যৰ বস্তু পোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় তাৰ বাবে ৰাজ্য চৰাকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে সন্মিলিত ভাৱে খাদ্য বস্তু যোগান ধৰি আহিছে। কালি মুখ্যমন্ত্ৰী গৰাকীয়ে চাংসাৰি আৰু নুনমাটিৰ এফ চি আইৰ বিষয়া কৰ্মচাৰী সকলৰ সৈতে আলোচনাত মিলিত হয় আৰু বিষয়া সকলে মুখ্যমন্ত্ৰী গৰাকীক জনায় জনায় যে অসমত আঢ়ৈ মাহৰ বাবে খাদ্য মজুত আছে। আনহাতে অসম চৰকাৰে যি সকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই , গৃহ নাই তেওঁলোকক ৫ কেজি চাউল যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ কালত সংগ দিয়ে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
