কাজিৰঙা নিউজ নেটৱৰ্কৰ 'কাজিৰঙা বঁটা- ২০২৩ ঘোষণা : কাজিৰঙাৰ সাংবাদিক নীলপদ্ম শৰ্মাইলৈ প্ৰদ্যূত মহন্ত সোঁৱৰণী জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিক বঁটা :

কাজিৰঙা নিউজ নেটৱৰ্কৰ 'কাজিৰঙা বঁটা- ২০২৩ ঘোষণা  : কাজিৰঙাৰ সাংবাদিক নীলপদ্ম শৰ্মাইলৈ প্ৰদ্যূত মহন্ত সোঁৱৰণী জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিক বঁটা :
Aiidesh Photo

Aiidesh News  : 6 November  2023  : 

বোকাখাতৰ অগ্ৰনী সাংবাদ প্রতিষ্ঠান কাজিৰঙা নিউজ নেটৱৰ্কৰ 'কাজিৰঙা বঁটা- ২০২৩ বঁটা ঘোষণা ৷ বিগত বৰ্ষৰ দৰেই এই বছৰো কাজিৰঙা নিউজ নেটৱৰ্কে প্ৰতিষ্ঠানটোৰ বিংশতিততম প্রতিষ্ঠা দিৱসৰ লগতে চলিত বৰ্ষৰ 'কাজিৰঙা বঁটা- ২০২৩ প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু আজি চলিত বৰ্ষৰ 'কাজিৰঙা বঁটা- ২০২৩ ঘোষণা কৰিছে ৷ এই ঘোষণা মতে প্ৰদ্যূত মহন্ত সোঁৱৰণী গোলাঘাটত জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিক বঁটা লাভ কৰিছে কাজিৰঙাৰ ডি ৱাই ৩৬৫ ৰ সাংবাদিক নীলপদ্ম শৰ্মাই, সুৰেশ চন্দ্ৰ ফুকন সোঁৱৰণী গোলাঘাট জিলা ভিত্তিত নবীন সাহিত্য বঁটা কৰিছে গোলাঘাট ৰঙাজানৰ হেমা চৌধুৰী গগৈয়ে, মহেন্দ্ৰ নাথ শ‍ইকীয়া সোঁৱৰণী গোলাঘাটত জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলা ভিত্তিত সৰ্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষাৰ্থী বোকাখাতৰ চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্র গীতাৰ্থ ঠেঙাল আৰু গোলাঘাটত জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান আৰু জিলা ভিত্তিত সর্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষাৰ্থী গোলাঘাট বাদুলিপাৰ আদর্শ বিদ্যাপীঠ আৰু ভোলাগুৰিৰ ছাত্ৰী অনিন্দিতা বড়াই । একেদৰে অসম ভিত্তিত ধনীল বৰঠাকুৰ সোঁৱৰণী শ্রেষ্ঠ সাংস্কৃতিক কর্মী বঁটা লাভ কৰিছে নাট্যকর্মী, পৰিচালক, অভিনেতা গুৱাহাটীৰ ৰণেল হোছেইনে । 

বঁটা সমূহ অহা ২১ নৱেম্বৰ, ২০২৩ তাৰিখ মঙ্গলবাৰে বোকাখাত নাট্যমন্দিৰত আয়োজিত কাজিৰঙা নিউজ নেটৱৰ্কৰ বিংশতিততম প্রতিষ্ঠা দিৱসৰ অনপষ্ঠানত প্ৰদান কৰা হ'ব । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠাপক মুখ্য সচিব প্রয়াত প্রদ্যুত মহন্তৰ জন্ম দিন উদযাপনৰ লগতে গোলাঘাট জিলা ভিত্তিত দেশপ্ৰেমূলক গীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰিছে বুলি কাজিৰঙা নিউজ নেটৱৰ্কৰ তৰফৰ পৰা জনাইছে । লগতে দলীয় নৃত্যৰ বাবে কাজিৰঙা নিউজ নেটৱৰ্কৰ সাংস্কৃতিক সচিব এম ৰতনৰ লগত ৯৯৫৪৯০৪২৪৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷

*******