বোকাখাতত ১৪ দিনীয়া ৰাজ্যিক হস্ততাঁত-বস্ত্ৰ মেলাৰ শুভাৰম্ভ : ৬০ খন বিপনিত দেশৰ বিভিন্ন প্ৰান্তৰ শিপিনীৰ অংশগ্ৰহন :

বোকাখাতত ১৪ দিনীয়া ৰাজ্যিক হস্ততাঁত-বস্ত্ৰ মেলাৰ শুভাৰম্ভ  : ৬০ খন বিপনিত দেশৰ বিভিন্ন প্ৰান্তৰ শিপিনীৰ অংশগ্ৰহন  :
Aiidesh Photo

Aiidesh News  :  12 February 2024 : 

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৰাভা  হাছং আঞ্চলিক শিপিনী আৰু শিল্পী সমবায় ফেডাৰেচন লিমিটেড , দুধনৈৰ ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ সৌজন্যত আজিৰে পৰা   আৰম্ভ হৈছে ৰাজ্যিক হস্ততাঁত-বস্ত্ৰ মেলা । ১৪ দিনীয়াকৈ আয়োজন কৰা এই মেলা বন্তি প্ৰজ্বলন কৰি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বোকাখাত উপ-জিলাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সিদ্ধাৰ্থ শংকৰ সোনোৱালে । জন্মু-কাশ্মীৰ, মণিপুৰ, নাগালেণ্ড, হাৰিয়ানা আদিকে ধৰি ভাৰতৰ কেইবাখনো ৰাজ্যৰ উপৰিও অসমৰ প্ৰায় সকলো জিলাৰ হস্ততাঁতৰ লগত জড়িত শিপিনীসকলে এই মেলাত অংশগ্ৰহণ কৰিছে । এই মেলাত মুঠ ৬০ খন বিপনী স্থাপন কৰা হৈছে । অসম চিল্ক আৰু এড়ীৰ পৰা তৈয়াৰ কৰা বিভিন্ন সামগ্ৰীও মেলাত প্ৰদৰ্শন কৰাৰ লগতে মৰাপাট, বেত, বাঁহ আদিৰ পৰা উৎপাদিত বিভিন্ন হস্তশিল্পজাত সামগ্ৰিও এই মেলাত উপলব্ধ হ'ব ৷ 

আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ হস্ততাঁত আৰু শিপিনী সমবায় লিমিটেডৰ পৰিচালনা সঞ্চালক ছাইফুল ইছলামে শিপিনী তথা হস্ততাঁতৰ লগত জড়িত লোকসকলক  আত্মনিৰ্ভৰশীল হোৱাকৈ সক্ষম কৰাৰ বাবে এই মেলাখনে এক মঞ্চ প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে । শিপিনীসকলে এই মেলাৰ জৰিয়তে গ্ৰাহকৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব যাৰ বাবে  শিপিনীসকলক তেওঁলোকৰ সামগ্ৰীৰ বিপনন কৰিবৰ বাবে সুবিধা পাব বুলিও তেওঁ লগতে মন্তব্য কৰে । সমগ্ৰ দেশ আৰু ৰাজ্যৰ শিপিনী আৰু শিল্পীসকলক তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰাৰ বাবে মঞ্চ প্ৰদান কৰা এই ৰাজ্যিক হস্ততাঁত-বস্ত্ৰ মেলা বোকাখাতৰ ৰাজহুৱা খেল পথাৰত ২৫ ফেব্ৰুৱাৰীলৈকে চলিব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ।

*******