কাজিৰঙাৰ শংকৰদেৱ শিশু নিকেতনত নতুন শিক্ষাবৰ্ষৰ বিদ্যাৰম্ভৰ বিশেষ অনুষ্ঠান :

কাজিৰঙাৰ শংকৰদেৱ শিশু নিকেতনত নতুন শিক্ষাবৰ্ষৰ বিদ্যাৰম্ভৰ বিশেষ অনুষ্ঠান :
Aiidesh Photo

Aiidesh News  : 4 April - 2024 : 

বিদ্যাভাৰতীৰ অধীনৰ ২০০২ চনত স্থাপন হোৱা শংকৰদেৱ শিশু নিকেতন কাজিৰঙাৰ ২০২৪ - ২৫ শিক্ষাবৰ্ষৰ বিদ্যাৰম্ভ অনুষ্ঠান আজি বিদ্যালয় খনত সম্পন্ন হয় । আজিৰ এই বিদ্যাৰম্ভ অনুষ্ঠানত নতুনকৈ নামভৰ্তি কৰা ৮০ গৰাকীৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে উপৰিও সমুহ ছাত্ৰ ছাত্ৰীয়ে অংশগ্রহণ কৰে । কাজিৰঙা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধানাচাৰ্য ৰঞ্জন ৰাজখোৱাই আঁত ধৰা আজিৰ অনুষ্ঠানত বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি তথা জেষ্ঠ সাংবাদিক ভবানন্দ কলিতা মূখ্য অতিথি হিচাবে উপস্থিত থাকি শিশু আৰু মাতৃসকলক উদেশ্যি বক্তব্য আগবঢ়ায় । অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ নাথ, উপ সভাপতি নয়নমনি দুৱৰা, সম্পাদক পংকজ গগৈ, বিনোদ শইকীয়া আদি উপস্থিত থাকে । উল্লেখ্য যে কাজিৰঙা শংকৰদেৱ শিশু নিকেতনত  বৰ্তমান ৫৩৫ গৰাকী ছাত্র ছাত্রীয়ে শিক্ষা গ্ৰহন কৰি আছে । সম্প্ৰতি বিদ্যালয়খনত জিলা আয়ুক্তৰ আনটাইড ফাণ্ডৰ ১ কোটি টকা আৰু নুমলীগড শোধনাগাৰৰ পৰা লাভ কৰা ১৩ লাখ টকাৰে  শ্ৰেণীকোঠা নিৰ্মাণ চলি আছে । 

**********