আফ্রিকান চোৱাইন ফিভাৰ সংক্ৰমন : আজিৰ তাৰিখত সুৰক্ষিত কাজিৰঙা :

আফ্রিকান চোৱাইন ফিভাৰ সংক্ৰমন : আজিৰ তাৰিখত সুৰক্ষিত কাজিৰঙা :
Photo : Uttam Saikia

আফ্রিকান চোৱাইন ফিভাৰ সংক্ৰমন : আজিৰ তাৰিখত সুৰক্ষিত কাজিৰঙা :  


AIIDESH.NEWS : May.6 :


ৰাজ্যত আফ্রিকান চোৱাইন ফিভাৰৰ সংক্ৰমনৰ সময়ত আজিৰ তাৰিখত সুৰক্ষিত হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ৰাষ্ট্ৰীয় উদ্যানখনত বা ইয়াৰ কাষৰীয় অঞ্চলত আজিৰ তাৰিখলৈ আফ্ৰিকান স্বোৱাইন ফিভাৰত গাহৰিৰ মৃত্যু হোৱাৰ তথ্য পোৱা হোৱা নাই ৷ ইয়াৰ মাজতে অগৰাতলিত গাহৰিৰ মৃত্যু হোৱা বুলি ওলোৱা এক প্ৰচাৰে বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল বোকাখাত মহকুমাত ।  উজনিৰ পৰা ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীত উটি অহা গাহৰিৰ মৃতদেহ কোনো কাৰনতে যাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নাপায় তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবৰ বাবে বোকাখাত বনাঞ্চলৰ লংকুৰ , গাভৰু, শিশুবাৰী আৰু মৰিয়াহোলা বনশিৱিৰৰ বনকৰ্মীক নিৰ্দেশ দিছে  কাজিৰঙাৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া গাহৰিৰ ওপৰতো নজৰ ৰাখিছে বনকৰ্মীয়ে ৷ কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ বিশ্বনাথ বন সংমণ্ডল এলেকাত ব্ৰহ্মপুত্ৰত উটি ৩০ টাতকৈ মৃত গাহৰি উদ্ধাৰ কৰি বিধিগত ভাৱে বনকৰ্মীয়ে পুতি পেলাইছে বুলি জনাইছে বিশ্বনাথ বন সংমণ্ডলৰ ডি এফ অ' মুকুট চন্দ্ৰ দাসে  ৷ ইফালে কাজিৰঙাৰ বনৰীয়া গাহৰি আৰু কাষৰীয় গাওঁৰ পোহনীয়া গাহৰিৰ কোনো কাৰণতে যাতে সংস্পৰ্শলৈ নাহে তাৰ বাবেও ব্যৱস্থা হাতত লৈছে কাজিৰঙাৰ কৰ্তৃপক্ষই ৷ ইয়াৰ বাবে উপ বন সংৰক্ষক প্ৰদীপ কুমাৰ বাৰ্মাৰ নেতৃত্বত এটা স্কোৱাৰ্ডো গঠন কৰা হৈছে ৷ উচ্চ পৰ্যায়ৰ বিষয়া আৰু পশু চিকিৎসক ডা৹ নৱীন পাণ্ডেক লৈ গঠিত এই স্কোৱাৰ্ডে ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আৰু সীমামুৰীয়া অঞ্চলত পৰিদৰ্শন কৰি আফ্ৰিকান স্বোৱাইন সংক্ৰমন প্ৰতিহত কৰিব পৰাকৈ কাৰ্য ব্যৱস্থা হাতত লৈছে ৷