কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ক্ৰচ কান্ট্ৰি ৰেচ প্ৰতিযোগিতা : ৯৭ গৰাকী পুৰুষ আৰু ৫২ গৰাকী মহিলা প্ৰতিযোগীৰ অংশ গ্ৰহন :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ক্ৰচ কান্ট্ৰি ৰেচ প্ৰতিযোগিতা  : ৯৭ গৰাকী পুৰুষ আৰু ৫২ গৰাকী মহিলা প্ৰতিযোগীৰ অংশ গ্ৰহন :
Aiidesh Photo

Aiidesh News : 2 June 2023  : 

কেন্দ্ৰীয় চৰকাৰৰ মিচন লাইফ অভিযানৰ অধীনত জনসাধাৰণৰ মাজত পৰিবেশ অনুকুল জীৱন শৈলীৰ সজাগতা সৃষ্টিৰ বাবে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত ক্ৰচ কান্ত্ৰি ৰেচ নামৰ এক দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ নগাওঁ, কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ ভিত্তিত বোকাখাত নগৰৰ উপকণ্ঠ অঞ্চলত ১৫ কিলোমিটাৰ দৈৰ্ঘৰ পুৰুষৰ আৰু ১০ কিলোমিটাৰ দৈৰ্ঘৰ মহিলাৰ দৌৰ প্ৰতিযোগিতাত ৯৭ গৰাকী ৰুৰুষ আৰু ৫২ গৰাকী মহিলা প্ৰতিযোগিয়ে অংশগ্ৰহন কৰে ৷ 

শুক্ৰবাৰৰ দিনা পুৱা ৫ বজাত বোকাখাতত থকা পুৱ অসম বন্যপ্ৰাণী সংমণ্ডল কাৰ্যালয় প্ৰাংগনৰ পৰা পুৰুষৰ আৰু বোকাখাতৰ উপকণ্ঠৰ বৰজুৰি ৰাজহুৱা খেল পথাৰৰ পৰা আৰম্ভ হোৱা মহিলাৰ দৌৰ আৰম্ভ হয় ৷ পুৱা পুৱ অম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাক গগৈয়ে পুৰুষৰ আৰু বোকাখাতৰ মহকুমাধিপতি ডা৹ নেহা যাদৱে মহিলাৰ দৌৰ প্ৰতিযোগিতাৰ ফ্লেগ অফ  কৰে ৷ ফ্লেগ অফ কৰি দুয়োগৰাকী বিষয়াই পৰিবেশ অনূকুল জীৱন শৈলীৰ সজাগতাৰ বাবে ওলায় অহাৰ বাবে সকলো প্ৰতিযোগীকে ধন্যবাদ জনায় ৷ 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষই আয়োজন কৰাৰ এই ক্ৰচ কান্ট্ৰি দৌৰ প্ৰতিযোগিতাৰ পুৰুষৰ বিভাগত কাৰ্বি আংলংৰ ডিলাইৰ চন ইংতি প্ৰথম, ডিফুৰ হৰমন টিমুং দ্বিতীয় আৰু খুমটাইৰ তীখেশ্বৰ কুৰ্মীয়ে তৃতীয় স্থান লাভ কৰে লগতে চতুৰ্থৰ পৰা দশম স্থানলৈ একাদিকক্ৰমে বিহৰা বাগিছাৰ উত্তম ৰবিদাস, কাৰ্বি আংলংৰ  মংগল সিং ৰংপী, বোকাখাতৰ দেৱ তাঁতী, খুমটাইৰ খগেন তাঁতী, কাজিৰঙাৰ গেলেকীক শ্যাম ওৰাং, নগাওঁৰ ঋতুৰাজ ডেকাৰজা আৰু বংকোৱালৰ পবিত্ৰ কামানে লাভ কৰিবলৈ সক্ষম হয় ৷

একেদৰে মহিলাৰ দৌৰত কাৰ্বি আংলংৰ চাংমীৰ তেৰাংপী প্ৰথম,  কাজিৰ মিলিকপী দ্বিতীয় আৰু বোকাখাতৰ মনিকা মাঝিয়ে তৃতীয় স্থান লাভ কৰাৰ লগতে চতুৰ্থৰ পৰা দশম স্থানলৈ একাদিক্ৰমে মেৰাপানীৰ মনি ওৰাং, বোকাখাতৰ ফুলমনি মুণ্ডা, ৰজাবাৰীৰ কাজল বাউৰী, বোকাখাতৰ সুমিতা পেগু, বোকাখাতৰ আয়ুশ্ৰী ৰবিদাস, মহুৰামুখৰ লিপিকা ৰাজখোৱা, গোলাঘাটৰ নিৰ্মলা কেৰকেটাই স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে প্ৰতিযাগিতাৰ উভয় শাখাতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে ১০ হেজাৰ, ৭ হেজাৰ আৰু ৫ হেজাৰ টকা আৰু মানপত্ৰ, চতুৰ্থ স্থানৰ পৰা দশম স্থান লাভ কৰোতা পুৰুষ আৰু মহিলা প্ৰতিযোগীক ২৫ শ কৈ টকা আৰু মান পত্ৰৰ উপৰিও নিৰ্ধাৰিত দৈৰ্ঘ অতিক্ৰম কৰিবলৈ সক্ষম হোৱা প্ৰতিগৰাকী প্ৰতিযোগীক একোখনকৈ  মানপত্ৰ প্ৰদান কৰা হ'ব বুলি উদ্যোগতাৰ তৰফৰ পৰা ঘোষণা কৰিছে ৷ বঁটা সমুহ অহা ৫ জুনত অনুষ্ঠিত হ'ব লগা বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসুচীত কঁহৰাত প্ৰদান কৰা হ'ব বুলিও জনায় ৷

বোকাখাতৰ ক্ৰীড়া ইতিহাসত প্ৰথম বাৰৰ বাবে আয়োজিত এই ক্ৰচ ক্ৰান্তি দৌৰ প্ৰতিযোগিতাত বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিকচ সন্থাই কাজিৰঙাৰ কৰ্তৃপক্ষক সকলো কাৰিকৰী সহায় আৰু সহযোগিতা আগবঢ়ায় ৷

*******