বোকাখাত মহকুমাৰ কুৰুৱাবাহীত "দেখহ শুনহ- এটি শিল্প যাত্ৰা" নাট্যগোষ্ঠীৰ উদ্যোগত অকন ৰাজখোৱা মুক্তাংগন নাট্যক্ষেত্ৰ আৰু দেখহ শুনহ সংগীত নাটক বিদ্যালয় মুকলি :

বোকাখাত মহকুমাৰ কুৰুৱাবাহীত
Aiidesh Photo

Aiidesh News  : 01 January 2024  :

বোকাখাত মহকুমাৰ কুৰুৱাবাহী সত্ৰৰ ১নং পৰঙ্গনীয়াত ৩২ ডিচেম্বৰত "দেখহ শুনহ- এটি শিল্প যাত্ৰা" নামৰ নাট্যগোষ্ঠীৰ অকন ৰাজখোৱা মুক্তাংগন নাট্যক্ষেত্ৰ আৰু দেখহ শুনহ সংগীত নাটক বিদ্যালয় আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় । "দেখহ শুনহ - এটি শিল্প যাত্ৰা"ৰ নামৰ নাট্যগোষ্ঠীৰ উদ্যোগত আয়োজিত যুৱ নাট্যকৰ্মী প্ৰিয়াংশু প্ৰাঞ্জলে আঁত ধৰা এই উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে জ্যেষ্ঠ নাগৰিক বগাই পাঠকে বন্তি প্ৰজ্বলন কৰে । আদৰণি গীত পৰিৱেশন কৰে "দেখশ শুনহ- এটি শিল্প যাত্ৰা"ৰ সদস্য সদস্যা সকলে । উদ্দেশ্যে ব্যাখ্যা কৰে দেখহ শুনহ-এটি শিল্প যাত্ৰাৰ সঞ্চালক তথা বিশিষ্ট নাট্যকাৰ পবিত্ৰ ৰাজখোৱাই । অকন ৰাজখোৱা মুক্তাংগন নাট্যক্ষেত্ৰ মুকলি কৰি বক্তব্য প্ৰদান কৰে উদ্বোধক বলো বৰাই । দেখহ শুনহ সংগীত নাটক বিদ্যালয়ৰ শুভ উদ্বোধন কৰি বক্তব্য প্ৰদান কৰে ড° ৰুবী বৰাই ।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যাপিকা ড° ৰুবী বৰা, সমাজ সেৱক বলো বৰা, সাংবাদিক তথা নাট্যকৰ্মী প্ৰদীপ বৰা,  অৱসৰপ্ৰাপ্ত শিক্ষক সংগীত শিল্পী বিজয়ানন্দ হাজৰিকা , বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, নাট্যকাৰ পলাশ লয়িং, কবি সাংবাদিক অজন্তা তালুকদাৰ, দেখহ শুনহ- এটি শিল্প যাত্ৰা"ৰ সাংস্কৃতিক তত্বাৱধায়ক কণ্ঠশিল্পী নীলাক্ষী হাজৰিকা, নাট্যকৰ্মী তৰুণ তীৰ্থ শইকীয়া, নাট্যগোষ্ঠীটোৰ উপদেষ্টা জিতেন্দ্ৰ হাজৰিকা আৰু সদস্য সদস্যা সকল, প্য়াত অকন ৰাজখোৱাৰ পত্নী লখিমী ৰাজখোৱাৰ উপৰিও পুত্ৰ, জী-জোৱাই, নাতি-নাতিনী,  ফৰকাটিং মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড° অজন্তা ৰাজখোৱা, বিশিষ্ট বাওঁপন্থী নেতা-চিন্তাবিদ হৰেণ বৰা, নাট্যকাৰ-নাট পৰিচালক অজন্ত পূজাৰী, কে এন এন বোকাখাতৰ সম্পাদক দিব্যজ্যোতি হাজৰিকা, ইমজা বোকাখাতৰ সম্পাদক সুদীপ্ত তামুলী, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যাপক ড° শশাংক ধৱল শইকীয়া, বিশিষ্ট সমাজকৰ্মী মমতা গগৈ, শিক্ষয়িত্ৰী-নাট্যকৰ্মী ছায়ামনি ফুকন, শিক্ষয়িত্ৰীদ্বয় বন্দনা দত্ত আৰু ৰাণু শইকীয়া, বিশিষ্ট লেখিকা বীনু শইকীয়া, নাট্য বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ লগতে স্থানীয় লোক সকল উপস্থিত থাকে ।

উল্লেখ্য যে ২০১৬ বৰ্ষৰ ৩১ ডিচেম্বৰত "নাট্য চৰ্চা : জীৱন চৰ্চা"ক মূলমন্ত্ৰ হিচাবে লৈ সঞ্চালক পবিত্ৰ ৰাজখোৱাৰ একান্ত প্ৰচেষ্টাত জন্ম লোৱা "দেখহ শুনহ" নাট্যদলে ইতিমধ্যে পবিত্ৰ ৰাজখোৱাৰ 'কথা কুঁহিপাঠ' একাংক নাটকেৰে আৰম্ভ কৰা ৭ বছৰীয়া নাট্য যাত্ৰাত বিভিন্ন নাটক লৈ অসমৰ বিভিন্ন মঞ্চত অনুষ্ঠিত একাংক নাট প্ৰতিযোগিতা আৰু ৫০ ৰো অধিক প্ৰযোজনাৰে বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে । উল্লেখ্য যে দেখহ শুনহ সংগীত নাটক বিদ্যালয়খন ২০২৪ ৰ জানুৱাৰীৰ পৰাই আৰম্ভ হ'ব ।

********