বোকাখাত নগৰৰ মাজেদি চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মানৰ দাবীত বোকাখাতত ৰাজহুৱা সভা :

বোকাখাত নগৰৰ মাজেদি চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মানৰ দাবীত বোকাখাতত ৰাজহুৱা সভা :
Aiidesh Photo

Aiidesh News  : 28 December - 2023  :

বোকাখাত নগৰৰ মাজেদি চাৰিলেনযুক্ত পথ নিৰ্মাণৰ দাবীত আজি বোকাখাত নাট্য মন্দিৰত এখন ৰাজহুৱা সভাৰ অনুষ্ঠিত হয় ৷ অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতি, টাই আহোম ছাত্র সন্থা, চাহ জনজাতি ছাত্র সন্থা, গোর্খা ছাত্র সন্থা, টি এম পি কে ধৰি ভালেকেইটা জাতীয় সংগঠনে আয়োজন কৰা এই  ৰাজহুৱা সভাত বোকাখাতৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷ বোকাখাতৰ জেষ্ঠ সাংবাদিক বুবুল দত্তৰ পৌৰহিত্যত অনুষ্ঠিত এই সভাত সমবেত জনসাধাৰণে চাৰিলেনযুক্ত পথ বোকাখাত নগৰৰ মাজেৰে নিৰ্মান কৰাৰ বাবে পুনৰ দাবী উত্থাপন কৰে অন্যথাই তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে ৷ 

সভাত  আহ্বায়ক সকলৰ হৈ নীলোৎপল খাউণ্ডে উদ্দেশ্য ব্যাখ্যা কৰাৰ পিচতে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, জ্যেষ্ঠ নাগৰিক সন্থাৰ আনিচুৰ ৰহমান, বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত বৰুৱা, যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিপুল বৰা, টাই আহোম ছাত্ৰ সন্থাৰ বিজয় ফুকন, গোৰ্খা ছাত্ৰ সন্থাৰ ৰুদ্ৰ ছেত্ৰী, বিজু পেগু, ৰীতা হাজৰিকা, প্ৰণৱ দলে, দাদু টায়ে, দিব্যজ্যোতি শইকীয়া, সঞ্জীৱ ছেত্ৰী, লক্ষ বৰি, কিশোৰ ছেত্ৰী, প্ৰাঞ্জল বৰুৱা, চুজা আহমেদ, বিকাশ গৌতমকে ধৰি ১৯ গৰাকী বক্তাই নিজৰ বক্তব্যত প্ৰস্তাৱিত চাৰিলেন যুক্ত পথটো বোকাখাত নগৰৰ মাজেদি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি যোৱাৰ সপক্ষে মত প্ৰকাশ কৰে ৷ সকলোৰে বক্তব্যৰ শেষত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ফ'ৰলেন বোকাখাত নগৰৰ মাজেদিয়েই চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মানৰ দাবীৰ লগতে দাবী সমিতি গঠন কৰা, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক আজিৰ সিদ্ধান্ত অৱগত কৰা, এইক্ষেত্ৰত ৰাইজৰ মতামত কেন্দ্ৰীয় চৰকাৰক উপযুক্ত ভাৱে অৱগত কৰিব পৰা সঁজাতিদল প্ৰেৰণ কৰা, প্ৰয়োজন হ'লে ন্যায়ৰ বাবে আইনৰ সহায় লোৱাৰ সিদ্ধান্ত সৰ্ব সন্মতিৰে গ্ৰহণ কৰা হয় ।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২৩ জুনত গোলাঘাট জিলা প্রশাসন আৰু বোকাখাত মহকুমা প্রশাসনৰ উদ্যোগত বোকাখাতৰ চাৰিলেনযুক্ত পথৰ সন্দৰ্ভত এক ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল ৷ এই সভাত বোকাখাতৰ চাৰিলেন যুক্ত পথাংশকলৈ প্ৰশাসনৰ তৰফৰ পৰা দল সংগঠনৰ লগতে বোকাখাতৰ জনসাধাৰণ মন্তব্য গ্ৰহন কৰা হৈছিল ৷ সভাত বোকাখাতৰ জনসাধাৰণে বোকাখাত নগৰৰ মাজেদি প্ৰস্তাৱিত চাৰিলেনযুক্ত নিৰ্মাণৰ বাবে দাবী জনাইছিল । শেহতীয়াকৈ বোকাখাত নগৰৰ মাজেৰে নিয়াৰ পৰিবৰ্তে চাৰিলেন যুক্ত পথ বাইপাছৰে বোকাখাত নগৰৰ বাহিৰেদি নিয়াৰ প্ৰস্তুতি হোৱা সন্দেহত স্থানীয় নাগৰিক  শংকিত হৈ পৰিছে । সেয়েহে আজিৰ সভাত জাতীয় সংগঠনসমূহে চাৰিলেনযুক্ত পথ সম্পৰ্কত পুনৰ ৰাইজৰ মতামত গ্রহণ কৰাৰ উদ্দেশ্যে বোকাখাতত এই ৰাজহুৱা সভাৰ আয়োজন কৰিছিল ।

******