কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়োৱা হৈছে দেশৰ সৰ্বোচ্চ বেচৰকাৰী অসামৰিক স্কচ ২০২২ বঁটা :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়োৱা হৈছে দেশৰ সৰ্বোচ্চ বেচৰকাৰী অসামৰিক  স্কচ ২০২২ বঁটা  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়োৱা হৈছে দেশৰ সৰ্বোচ্চ বেচৰকাৰী অসামৰিক  স্কচ ২০২২ বঁটা  : 

Aiidesh News  :  19th January  :

বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়োৱা হৈছে দেশৰ সৰ্বোচ বেচৰকাৰী অসামৰিক সন্মান স্কচ বঁটা ৷ বনাঞ্চল সম্প্ৰসাৰণ, একত্ৰিকৰণ আৰু উন্নয়নৰ বাবে কৰা প্ৰশংসনীয় সেৱাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ এই বঁটা আগবঢ়োৱা হৈছে ৷ স্কচক গ্ৰুপক ভাৰতৰ সৰ্বোচ্চ চিন্তন কোষ বা গোট বুলি অভিহিত কৰা হয় ৷ ১৯৯৭ চনৰ পৰা ভাৰতৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে স্কচ গ্ৰুপে কাম কৰি আহিছে ৷ এই গ্ৰুপে ২০০৩ চনৰ পৰা দেশৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে বিভিন্ন ব্যক্তি প্ৰতিষ্ঠান, বিভাগ আৰু অনুষ্ঠানলৈ স্কচ গ্ৰুপে দেশ সৰ্বোচ্চ বেচৰকাৰী অসামৰিক সন্মান এই স্কচ বঁটা আগবঢ়াই আহিছে ৷ আজি স্কচ গ্ৰুপৰ তৰফৰ পৰা দিয়া এক ঘোষণাত বন বনাঞ্চলৰ উন্নয়ন শিতানত ২০২২ চনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ স্কচ বঁটা প্ৰদান কৰা হৈছে ৷ এই বঁটাই আজি উৎফুল্লিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সকলো বিষয়া কৰ্মচাৰীক ৷

******