বোকাখাতৰ ভকত চাপৰিত আয়োজিত হস্তশিল্পৰ দুমহীয়া প্ৰশিক্ষণৰ সামৰণি ⦂ সমাৱৰ্তন সমাৰোহত মানপত্ৰ প্ৰদান ⦂
Aiidesh News : 26 December - 2024 ⦂
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিশেষ উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ হস্তশিল্প মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় হস্ত শিল্প উন্নয়ন আঁচনিৰ অধীনত বোকাখাতৰ ৰজাবাৰীৰ ভকত চাপৰিত চলি থকা গুৰু-শিষ্য পৰম্পৰাৰে দক্ষতা বৃদ্ধিৰ এক বিশেষ দুমহীয়া প্রশিক্ষণৰ আজি সামৰণি পৰে ৷ এই উপলক্ষে ভকত চাপৰিৰ প্ৰশিক্ষণ থলীত হস্তশিল্প মন্ত্ৰালয়ৰ মাণ্ডলিক সঞ্চালক হৰকান্ত বড়ো, সহকাৰী সঞ্চালক জয়ন্ত সিং, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, বোকাখাত সম জিলাৰ সহকাৰী আয়ুক্ত সিদ্ধাৰ্থ সোনোৱাল, কাজিৰঙাৰ উপ বন সংৰক্ষক ৰাজীৱ হাজৰিকা, ৰজাবাৰী গ্ৰামীন বিকাশ বেংকৰ কাৰ্যালয় সহায়ক নিখিল কুমাৰ, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি জেষ্ঠ সাংবাদিক বুবুল দত্ত, পৰিবেশ কৰ্মী উত্তম শইকীয়া, জেষ্ঠ সাংবাদিক ৰোমান বৰুৱা আৰু বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল উপস্থিত থাকে ৷
ৰজাবাৰীৰ ভকত চাপৰিত বিগত দুটা মাহ ধৰি চলা এই হস্তশিল্পৰ প্ৰশিক্ষনৰ আজি অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানত ৩০ গৰাকী প্ৰশিক্ষাৰ্থীকে মানপত্ৰ প্ৰদান কৰা হয় ৷ এই ৩০ গৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰত ৭ গৰাকী মহিলা প্ৰশিক্ষাৰ্থী ৷ প্ৰশিক্ষক হিচাবে আছিল গোলাঘাট কমাৰবন্ধাৰ হস্ত শিল্প প্ৰশিক্ষক গৌৰৱ জ্যোতি শইকীয়া ৷ কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ৰ অধীক্ষক গীতাঞ্জলি কলিতাই আঁত ধৰা অনুষ্ঠানত ভকত চাপৰিৰ এই সকল প্ৰশিক্ষাৰ্থীক পৰৱৰ্তী সময়ত মুদ্ৰা লোন দি সহায় কৰিবৰ বাবে বেংক কৰ্তৃপক্ষক আহ্বান জনায় মাণ্ডলিক সঞ্চালক হৰ কান্ত বড়োয়ে ৷ লগতে প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক ৰাষ্ট্ৰীয় পঞ্জীয়নেৰে আৰ্টিচান কাৰ্ড দিয়াৰ বাবেও সহায় কৰিব বুলিও তেওঁ জনায় ৷ মনকৰিব লগীয়া যে দুমহীয়া এই প্ৰশিক্ষণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৰফৰ পৰা প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰাৰ বিপৰীতে প্ৰতিগৰাকী শিক্ষাৰ্থীকেই হস্ত শিল্পৰ বাবে প্ৰয়োজন হোৱা সঁজুলি বিনামুলীয়াকৈ যোগান ধৰিছিল হস্তশিল্প বিভাগে ৷ অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে প্ৰশিক্ষণ কালত নিৰ্মান কৰা কাঠৰ বিভিন্ন শিল্প কৰ্মও প্ৰদৰ্শন কৰে ৷
************