প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে কাজিৰঙাৰ কঁহৰা বনাঞ্চলত বন্ধ থাকিব হাতী আৰু জীপ চাফাৰী :

প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে কাজিৰঙাৰ কঁহৰা বনাঞ্চলত বন্ধ থাকিব হাতী আৰু জীপ চাফাৰী  :
Aiidesh Photo

Aiidesh News  : 3 March 2024  :

অহা ৮ মাৰ্চত কাজিৰঙালৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ৮ মাৰ্চত কাজিৰঙাৰ কঁহৰাত থকা অসম আৰক্ষীৰ অতিথি শালাত নিশাতো কটায় ৯ মাৰ্চৰ পুৱাতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰিব নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই ভ্ৰমনৰ পটভূমিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল কঁহৰাত অহা ৭, ৮ আৰু ৯ মাৰ্চত জীপ চাফাৰী আৰু ৮ আৰু ৯ মাৰ্চত হাতী চাফাৰী পৰ্যটকৰ বাবে বন্ধ থাকিব বুলি পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশে এক নিৰ্দেশ যোগে জানিবলৈ দিছে ৷ উক্ত সময়চোৱাত ৰাষ্ট্ৰীয় উদ্যানৰ বাকীবোৰ বনাঞ্চলত হাতী বা জীপ চাফাৰী আগৰ দৰেই চলি থাকিব বুলিও নিৰ্দেশটোত উল্লেখ কৰিছে ৷

*******