কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস : কুইজ প্ৰতিযোগিতাত বোকাখাতৰ জে ডি এচ জি মহাবিদ্যায়ৰ দুটা দললৈ প্ৰথম আৰু তৃতীয় শ্ৰেষ্ঠ বঁটা :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস : কুইজ প্ৰতিযোগিতাত বোকাখাতৰ জে ডি এচ জি মহাবিদ্যায়ৰ দুটা দললৈ প্ৰথম আৰু তৃতীয় শ্ৰেষ্ঠ বঁটা  :
Aiidesh Photo

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস : কুইজ প্ৰতিযোগিতাত বোকাখাতৰ জে ডি এচ জি মহাবিদ্যায়ৰ দুটা দললৈ প্ৰথম আৰু তৃতীয় শ্ৰেষ্ঠ বঁটা 

Aiidesh News  :  5 June  : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত উদ্যান খনত কৰ্মৰত প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি, ভুমি, কৰবেট ফাউণ্ডেচন আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সহযোগত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ আজি সফল সামৰণি পৰে ৷ দুদিনীয়াকৈ আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ আজি দ্বিতীয় দিনা মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ কুইজ প্ৰতিযোগিতা অসমৰ বিভিন্ন স্থানৰ বিশ্ব বিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয়ৰ পৰা অহা মুঠ ২৮ টা ছাত্ৰ ছাত্ৰীৰ দলে অংশ গ্ৰহন কৰে ৷ বিশিষ্ট কুইজ মাষ্টাৰ নৱজ্যোতি ভৰালীয়ে পৰিচালনা কৰা এই কুইজ প্ৰতিযোগিতাত বোকাখাতৰ জে ডি এচ জি মহাবিদালয়ৰ বিশ্বজিৎ দাস আৰু চিন্ময় মালাকাৰৰ দলে প্ৰথম, গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পাৰ্থজ্যোতি ভৰদ্বাজ আৰু অনিমেশ ডেকাৰ দলে দ্বিতীয়, জে ডি এচ জি মহাবিদালয়ৰ তন্ময় বৰা আৰু হৃষীকেশ বৰুৱাৰ দল তৃতীয় আৰু দেৰগাওঁৰ কলম দুৱৰা মহাবিদ্যালয়ৰ  নয়নজ্যোতি ফুকন আৰু প্ৰিয়াংসু হাজৰিকাৰ দলটোয়ে  উদগনিমুলক বঁটা লাভ কৰে ৷

প্ৰতিযোগিতাৰ শেষত কহঁৰাত থকা পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত বঁটা বিতৰণী সভাত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, কৰবেট ফাইণ্ডেচনৰ উপ সঞ্চালক ডা৹ নবীন পাণ্ডে, কাজিৰঙাৰ জেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মা আৰু দেবাৰ্শীষ বৰুৱা লগতে কুইজ মাষ্টাৰ নৱজ্যোতি ভৰালী উপস্থিত থাকে ৷ অনুষ্ঠানত মান পত্ৰ আৰু বঁটাৰ উপৰিও প্ৰথম স্থান পোৱা দলক ১৫ হেজাৰ টকা, দ্বিতীয় দলক ১০ হেজাৰ, তৃতীয় স্থান প্ৰাপ্ত দলক ৭ হেজাৰ আৰু উদগনি বঁটা পোৱা দলক ৩ হেজাৰ টকা চেকো প্ৰদান কৰা হয় ৷

********