বোকাখাত মহকুমাৰ বিভিন্ন কাৰ্যসুচীৰে শিল্পী দিৱস উদযাপন :

বোকাখাত মহকুমাৰ বিভিন্ন কাৰ্যসুচীৰে শিল্পী দিৱস  উদযাপন :
Aiidesh Photo
বোকাখাত মহকুমাৰ বিভিন্ন কাৰ্যসুচীৰে শিল্পী দিৱস  উদযাপন :

Aiidesh News  : 17 January 2024  :

বোকাখাতৰ পুৱতি সাহিত্য সভাৰ উদ্যোগত আৰু যুগলআটী প্ৰাথমিক বিদ্যালয়ৰ সহযোগত আজি বিদ্যালয়খনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণত শিল্পী দিৱস উদযাপন কৰা হয় ৷  পুৱতি সাহিত্য সভাৰ  সভাপতি অপুৰ্ব বৰদলৈৰ পৌৰহিত্যত অনুষ্ঠিতত শিল্পী দিৱসৰ কাৰ্যসুচীত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া, বিশিষ্ট লেখক তৰুণ দলে, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিক্ৰম মুণ্ডা, প্ৰাক্তন সভাপতি গোপী মুণ্ডা, প্ৰধান শিক্ষক ৰাজু ছেত্ৰী, সমাজ সেৱক বিনোদ চৰেন, বিনু চাচাৰ উপৰিও বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু পিতৃ মাতৃ সকল উপস্থিত থাকি জ্যোতি প্ৰসাদ আগ্ৰৱলাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত বক্তব্য দাঙি ধৰে ৷

পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই আঁত ধৰা সভাখনত বিদ্যালয় খনৰ আদিবাসী ছাত্ৰ ছাত্ৰী সকলে গীত মাত পৰিবেশন কৰে ৷ জ্যোতি সংগীত পৰিৱেশন কৰে পল্লৱ চাচা আৰু জিমলি চাচাই ৷ নিশিতা মুণ্ডা , জিমলী চাচা, দীপালী মুণ্ডা,সুলেখা মুণ্ডা, পায়েল মুণ্ডা , সুমন মুণ্ডা,সুনিতা মুণ্ডা আৰু সন্ধ্যা মুণ্ডাই  নৃত্য পৰিৱেশন কৰাৰ উপৰিও নয়ন মনি ভূঞা আৰু গীতাঞ্জলি গগৈয়ে গীত পৰিৱেশন কৰে ৷ 

ইফালে বোকাখাত নাট্যমন্দিৰতো আজি শিল্পী দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত নাট্য মন্দিৰ পৰিচালনা সমিতিৰ  উপ সভাপতি বিমান বৰুৱা আৰু প্ৰাঞ্জল বৰুৱা, বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্ময় শৰ্মা, ভাৰপ্ৰাপ্ত সম্পাদক ৰূপম শৰ্মা, জে ডি এছ জি ছাত্ৰ একতা সভা সভাপতি অংকুৰ শইকীয়া, উপ সভাপতি নৱজিত শৰ্মাৰ লগতে বিভিন্ন ব্যক্তিয়ে জ্যোতি প্ৰসাদ আগ্ৰৱলাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰি স্মৃতি তৰ্পন কৰে ৷ 

একেদৰে গোলাঘাট জিলা সাহিত্য সভায়ো বোকাখাতৰ ৰজাবাৰী অংকুৰণ সাহিত্য সভাৰ সহযোগত, শংকৰদেৱ শিশু নিকেতন ৰজাবাৰী, ৰজাবাৰী নাট্য গোষ্ঠীৰ আতিথ্যত শংকৰদেৱ শিশু নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত জিলা ভিত্তিত শিল্পী দিৱস উদযাপন কৰে ৷ এই অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে অংকুৰণ সাহিত্য সভাৰ সভাপতি প্ৰহ্লাদ দাসে । স্মৃতি তৰ্পণ কৰে মুহিৰাম লইঙে । গছপুলি ৰোপণ কৰে গোৱিন দাস, অজিত দাস, মানিক শৰ্মাই । বন্তি প্ৰজ্বলন কৰে জীৱন শইকীয়াই ।

জ্যোতিপ্ৰসাদৰ কবিতা আৰু জ্যোতি সংগীতৰ প্ৰতিযোগিতাৰে আগবেলাৰ কাৰ্যসূচী অন্ত পৰাৰ পাছতে জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰাই আঁত ধৰা দুপৰীয়া অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ সভাপতি তফজুল হক বৰবৰাই । সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে সভা উদ্বোধন কৰে । নিৰ্দিষ্ট বক্তা ৰূপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক প্ৰতিফলিত কৰি বক্তৃতা প্ৰদান কৰে ড° গায়ত্ৰী বৰা কাকতিয়ে । সভাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,কবি সাহিত্যিক জিলা সাহিত্য সভাৰ উপ সভাপতি গুণেন বৰা, প্ৰাক্তন সভাপতি মহেশ্বৰ বৰা,বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত,মিনতি দলে, কল্পনা চেতিয়া,মুহিৰাম লইং,জীৱন শইকীয়া, মৃদুস্মিতা শৰ্মা ,নবীন দাসকে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল । বোকাখাত জিলা মইনা পাৰিজাতৰ উদ্যোগত যোগনীয়া গাঁৱতো জাক জমকতাৰে শিল্পী দিৱস উদযাপন কৰে ৷

*********