'আচাম ট্ৰিবিউন'ৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱালৈ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ব্ৰহ্মপুত্ৰ উপত্যকা বঁটা :

'আচাম ট্ৰিবিউন'ৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱালৈ  অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ব্ৰহ্মপুত্ৰ উপত্যকা বঁটা :
Aiidesh Photo

Aiidesh News  : 23 April -2024 :

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ২০২৪ বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটাৰ বাবে অসমৰ প্ৰতিষ্ঠিত ইংৰাজী দৈনিক কাকত 'আচাম ট্ৰিবিউন'ৰ কাৰ্যবাহী সম্পাদক, জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত জ্যোতি বৰুৱাক নিৰ্বাচিত হৈছে ৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটাৰ বাবে নিৰ্বাচন সমিতিৰ এখন বৈঠক আজি যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় ৷ বৈঠকত পাঁচ জনীয়া বাচনি সমিতিৰ সিদ্ধান্ত মৰ্মে প্ৰশান্ত জ্যোতি বৰুৱাক বাচনি কৰা হয় ৷ অহা ১০ মে'ত শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া সাংবাদিক সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসত এই বঁটাটি প্ৰদান কৰা হ’ব ৷ বঁটাটিৰ লগত মানপত্ৰ, স্মাৰক আৰু নগধ ধন থাকিব ৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই জানিবলৈ দিয়ে ৷

*********