কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিত অত্যাধুনিক যন্ত্ৰৰে বনকৰ্মীৰ বাবে বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ :

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিত অত্যাধুনিক যন্ত্ৰৰে বনকৰ্মীৰ বাবে বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ  :
Aiidesh Photo
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিত অত্যাধুনিক যন্ত্ৰৰে বনকৰ্মীৰ বাবে বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ  :

Aiidesh News  : 23 March - 2025  :

যোৰহাটৰ ফ'কাচ আৰু চেণ্ড্ৰিলা ক্লাবৰ উদ্যোগত আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত বনকৰ্মী সকলৰ বাবে অত্যাধুনিক যন্ত্ৰসহ এক স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰে ৷ প্ৰসিদ্ধ চিকিৎসক ডা৹ প্ৰফুল্ল বৰাৰ নেতৃত্বত একাধিক বিভাগৰ ১৮ গৰাকী বিশেষজ্ঞ চিকিৎসক আৰু ৮ গৰাকী সহায়কে অংশ গ্ৰহন কৰে ৷ বিনামুলীয়া এই বিশেষ স্বাস্থ্য পৰীক্ষা শিৱিৰৰ আৰম্ভনীতে চিকিৎসক সকলক কাজিৰঙাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আদৰণি জনোৱা হয় ৷ স্বাস্থ্য পৰীক্ষা শিৱিৰত কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ, অৱসৰ প্ৰাপ্ত বন বিষয়া উৎপল বৰা, ডি এফ অ’ অৰুণ বিঘ্নেশ, বনাঞ্চলিক বিষয়া ক্ৰমে বিদ্যুত বিকাশ বৰা, বিভুতি ৰঞ্জন গগৈ, বিবিধ দিহিঙীয়া আৰু মনজিত সোনোৱালো উপস্থিত থাকে ৷ 

শিৱিৰত উন্নত মানৰ আল্ট্ৰা চাউণ্ড, লিভাৰ ফিব্ৰুচিচৰ বাবে ফিব্ৰুস্কেন আদি যন্ত্ৰৰে গাইন'কল'জি, অৰ্থপেডিক, অপথামেল'জিষ্ট, নৰ'লজিষ্ট, মেডিচিন,  ক্ৰিটিকেল কেয়াৰ আদি বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দলে ৪০০ ৰো অধিক বনকৰ্মী আৰু স্থানীয় লোকক চিকিৎসা কৰি পৰামৰ্শ আগবঢ়ায় ৷ শিৱিৰৰ শেষত ডা৹ প্ৰফুল্ল বৰাই পৰৱৰ্তী সময়ত কাজিৰঙাৰ ভিতৰত কৰ্মৰত বনকৰ্মীৰ বাবে ভাম্যমান চিকিৎসা শিৱিৰ আৰু চকু চিকিৎসা শিৱিৰৰো পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে ৷ আজিৰ বিনামুলীয়া স্বাস্থ্য শিৱিৰৰ বাবে কাজিৰঙা কৰ্তৃপক্ষৰ হৈ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাই চিকিৎসকৰ দলটোক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

************