বদৰুদ্দিন আজমল নিৰ্দেশত মৰ্কজুল মা'আৰিফৰ উদ্যোগত ৫০ হেজাৰ টকা সাহা

বদৰুদ্দিন আজমল নিৰ্দেশত মৰ্কজুল মা'আৰিফৰ উদ্যোগত ৫০ হেজাৰ টকা সাহা

হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত পুৱ জাৰুনী (গনিপুৰ)ৰ এজন ব্যক্তি যোৱা শুক্ৰবাৰে ৰাতি আকস্মিক মৃত্যু হয় ৷ গাঁওখনৰ বাজিদুৰ ৰহমান লস্কৰ নামৰ প্ৰায় ৫২ বছৰ বয়সীয়া চাইকেল মেৰামতি কৰা লোকজনে হঠাৎ  মৃত্যুক আকোৱালি লয় ৷ তেওঁৰ মৃত্যুত আজমল পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ মৃত্যুৰ সময়ত বাজিদুৰে ৫ কণমানি কন্যা সন্তানসহ পত্নিক এৰি থৈ যায় ৷ এই অসহায় পৰিয়ালটিয়ে ৰাইজৰ পৰা ছ'চিয়েল মিডিয়াযোগে সাহাৰ্য বিচাৰী আবেদন জনোৱাত বিষয়টো সাংসদ মৌলানা বদৰুদ্দিন আজমল দৃষ্টি গোচৰ হয় ৷বদৰুদ্দিন  আজমলে ছিৰাজুদ্দিন  আজমলৰ লগত বিষয়টো আলোচনা কৰি মৰ্কৰ কৰ্মকৰ্তাসকলক উক্ত পৰিয়ালক সহায়ৰ হাত আগবঢ়াবলে নিৰ্দেশ দিয়াত আজমলৰ নিৰ্দেশ মৰ্মে আজি বিয়লি মৰ্কজৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰ আৰু মৰ্কজৰ পুনৰ সংস্থাপন বিভাগৰ মুৰব্বী দেৱান আব্দুল আলিম (ওৱাইছ চৌধুৰী)সহ এটি প্ৰতিনিদি দল এই পৰিয়ালৰ বা গৃগত গৈ উপস্থিত হৈ দুই মাহৰ খাদ্য সামগ্ৰী আৰু নগদ ৫০ হেজাৰ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰে ৷  দুৰ্ভগীয়া পৰিয়ালটিক আৰ্থিক সাহাৰ্য ২৫ হেজাৰ টকা আৰু থকা ঘৰ মেৰামতি কৰি দিয়াৰ বাবে ২৫ হেজাৰ টকাসহ মুঠ ৫০ হাজাৰ টকাৰ সাহাৰ্য প্ৰদান কৰে বদৰুদ্দিন আজমলে ৷ উল্লেখ্য যে, উক্ত পৰিয়ালক মৰ্কজুল মা'আৰিফৰ পৰা মাহিলি ৩ হাজাৰ টকাকৈ প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে আজমলে ৷ লগতে মৌলানা বদৰুদ্দিন আজমলে পৰিয়ালৰ কণ কণ শিশুহঁতৰ সৈতে ভিডিঅ কলযোগে কথা পাতি আবেগিক হৈ পৰা পৰিলক্ষিত হয় ৷ আজমলৰ প্ৰচেষ্টাত মৰ্কজে নগদ ধন আৰু খাদ্য সামগ্ৰী বিতৰণ কৰাত স্থানীয় ৰাইজে আজমল পৰিয়ালৰ লগতে যমুনামুখৰ বিধায়ক ৰহিম আজমলৰ শলাগ লয় ৷।  এই দেশ যমুনামুখ  ।