পূজাৰ আগতেই বিশ শতাংশ বোনাচ আদায় দিয়াৰ দাবীত বোকাখাতৰ বিহৰা চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ :

পূজাৰ আগতেই বিশ শতাংশ বোনাচ আদায় দিয়াৰ দাবীত বোকাখাতৰ বিহৰা চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ :

 

Aiidesh News : 7 October 2023 :

বোকাখাত মহকুমাৰ বিহৰা চাহ বাগিচাত শ্ৰমিকৰ পূজাৰ বোনাচক লৈ উত্তাল প্ৰতিবাদ কৰে শ শ শ্ৰমিকে । বিশ শতাংশ বোনাচ দিয়াৰ দাবীত শ-শ শ্ৰমিকে প্ৰতিবাদী কাৰ্যসূচীৰে বাগিচা উত্তাল কৰি তোলে । ৭ অক্টোবৰৰ পুৱাই শতাধিক চাহ শ্ৰমিকে বিহৰা চাহ বাগিচাত নিজৰ প্ৰাপ্যৰ অধিকাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ২৫০ টকাত হাজিৰা কৰি পূজাৰ সময়ত নিজৰ "বোনাচ" বিচাৰি এনেধৰনে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয় বাগিচা খনৰ শ্ৰমিক সকলে । শাৰদীয় দূৰ্গা পূজাৰ আগতে বিশ শতাংশ বোনাচৰ দাবী তুলি শ্ৰমিক সকলে  বিহৰা বাগিচাৰ সন্মুখৰ মূল প্ৰবেশদ্বাৰ বন্ধ কৰে ।

শ্ৰমিক সকলৰ মতে প্ৰতিবছৰেই বিহৰা চাহ বাগিচাৰ শ্ৰমিকসকলে বোনাচৰ সময়ত প্ৰতিবাদ কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক । দুৰ্গা পূজাৰ সময়ত এই বোনাচ শ্ৰমিকসকলৰ প্ৰাপ্য় । কিন্তু পুজালৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত বোনাচ আদায় দিয়াৰ বাবে বাগিচা কৰ্তৃপক্ষই কোনো সিধান্ত নকৰাৰ বাবে ক্ষুদ্ধ হৈ পৰিছে বিহৰা চাহ বাগিচাৰ শ্ৰমিকসকল । প্ৰতিবাদকৰী শ্ৰমিক সকলৰ লগতে বাগিচাখনৰ সকলোবোৰ দল সংগঠনে সোনকালে বিশ শতাংশ বোনাচ আদায় দিবলৈ দাবী জনায় বাগিচা কৰ্তৃপক্ষক ।

**********