বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত গঁড় হত্যাৰ অপৰাধ অনুসন্ধানৰ বাবে বনকৰ্মীক ৰাইন' ডি এন এ ইনডেক্সিং চিষ্টেম চমুকৈ ৰ'ডিচ- ইণ্ডিয়াৰ প্ৰশিক্ষণ : সঁজুলি প্ৰদান :

বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত গঁড় হত্যাৰ অপৰাধ অনুসন্ধানৰ বাবে বনকৰ্মীক ৰাইন' ডি এন এ ইনডেক্সিং চিষ্টেম চমুকৈ ৰ'ডিচ- ইণ্ডিয়াৰ প্ৰশিক্ষণ  : সঁজুলি প্ৰদান :
WWF-India
বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত গঁড় হত্যাৰ অপৰাধ অনুসন্ধানৰ বাবে বনকৰ্মীক ৰাইন' ডি এন এ ইনডেক্সিং চিষ্টেম চমুকৈ ৰ'ডিচ- ইণ্ডিয়াৰ প্ৰশিক্ষণ  : সঁজুলি প্ৰদান :

Aiidesh News :  6 October 2023 : 

গঁড় হত্যাৰ অপৰাধ অনুসন্ধানৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বন কৰ্মী সকলৰ দক্ষতা বৃদ্ধি কৰাৰ বাবে ৰাইন' ডি এন এ ইনডেক্সিং চিষ্টেম চমুকৈ ৰ'ডিচ-ইণ্ডিয়াৰ ওপৰত এক প্ৰশিক্ষণ ৬ অক্টোবৰত প্ৰদান কৰা হয় । বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰায় ২৫ জন বন কৰ্মী, কাষৰীয়া ৰাজ্যিক পশু চিকিৎসা কাৰ্যালয়ৰ ৫ জন বিষয়া আৰু পশু চিকিৎসকে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে । প্ৰশিক্ষণ প্ৰদান কৰে বিশ্ব প্ৰকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফৰ গঁড় সংৰক্ষণৰ ৰাষ্ট্ৰীয় সমন্বয়ক অমিত শৰ্মা আৰু সংগঠনটোৰ  ব্ৰহ্মপুত্ৰ উপত্যকাৰ সহযোগী সমন্বয়ক তথা পশু চিকিৎসক ডা০ খানীন চাংমায়ে । 

উল্লেখ্য যে ৰাইন' ডি এন এ ইনডেক্সিং চিষ্টেম বা ৰ'ডিচ- ইণ্ডিয়া হৈছে ২০১৬ চনৰ পৰা ভাৰত চৰকাৰৰ বন,  পৰিৱেশ আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান, ভাৰতত থকা বিশ্ব প্ৰকৃতি নিধি আৰু ভাৰতৰ গঁড় থকা ৰাজ্যৰ সমুহৰ দ্বাৰা ভাৰতত যুটীয়াভাৱে বিকশিত আৰু ৰূপায়ণ কৰা এক কাৰ্যসূচী । 

৬ অক্টোবৰৰ প্ৰশিক্ষণত ভাৰত চৰকাৰৰ বন,  পৰিৱেশ আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত কাৰ্য প্ৰক্ৰিয়া অনুসৰি জৈৱিক প্ৰমাণ সংগ্ৰহ কৰাৰ বাবে ফিল্ড চেম্পলিং কিট ব্যৱহাৰ কৰা আৰু অপৰাধ অনুসন্ধান সঁজুলি আৰু ইয়াৰ ব্যৱহাৰৰ সম্পৰ্কত ৰাইন' ডি এন এ ইনডেক্সিং চিষ্টেমৰ অধীনত অনুসন্ধান প্ৰক্ৰিয়াৰ মৌলিক বিষয়বোৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে । প্ৰশিক্ষণৰ সময়ত ৰাইন' ডি এন এ ইনডেক্সিং চিষ্টেমৰ অধীনত তালিকাভুক্ত কৰা অপৰাধ অনুসন্ধান সঁজুলিৰ এটা টোপোলাও আজি বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলক প্ৰদান কৰা হয় । 

দক্ষিণ আফ্ৰিকাৰ প্ৰিটোৰিয়া বিশ্ববিদ্যালয়ৰ দ্বাৰা বিকশিত ৰাইন' ডি এন এ ইনডেক্সিং চিষ্টেম কাৰ্যসূচীৰ পৰা ৰ'ডিচ - ইণ্ডিয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । ভাৰতত এই ৰাইন' ডি এন এ ইনডেক্সিং চিষ্টেমৰ সঁজুলিৰ ওপৰত ২০১৪ চনত বিশ্ব প্ৰকৃতি নিধি আৰু অসমৰ বন বিভাগৰ দ্বাৰা ৰূপায়ন কৰা হৈছিল আৰু ইয়াৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিশেষজ্ঞ আনি অসমৰ কেইবালানিও কৰ্মশালাৰে বনকৰ্মীক প্ৰশিক্ষন দিয়া হৈছিল । প্ৰশিক্ষনৰ শেষত ৰ'ডিচ-ইণ্ডিয়া কাৰ্যসূচী ২০১৬ চনত অসমত ৰূপায়ন কৰি ভাৰতৰ বিভিন্ন বনাঞ্চলত কাৰ্যকৰী কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত ড০ সম্ৰাট মণ্ডলৰ নেতৃত্বত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ উদ্যোগত ৰ'ডিচ-ইণ্ডিয়া পৰীক্ষাগাৰ স্থাপন কৰি গঁড়ৰ ডি এন এৰ তথ্য ভাণ্ডাৰ নিৰ্মীন আৰু বিশ্লেষণ বাবে চেষ্টাও চলোৱা হয় । 

উল্লেখ্য যে আজিলৈকে সমগ্ৰ ভাৰতৰ পৰা প্ৰায় ২৩ টা গঁড় হত্যা অপৰাধ গোচৰ বিশ্লেষণ কৰি প্ৰতিবেদনো কৰা হৈছে যি কাৰ্যই পৰৱৰ্তী সময়ত গোচৰৰ আইনী প্ৰক্ৰিয়াত সহায় কৰিছে । গঁড় হত্যা অপৰাধৰ ঘটনাৰ নমুনা সংগ্ৰহৰ বাবে প্ৰথমবাৰৰ বাবে ভাৰতৰ বিভিন্ন গঁড় থকা এলেকাত ব্যৱহাৰৰ কৰিব পৰাকৈ পৰৱৰ্তী সময়ত এটা বিশেষ টেম্পাৰ প্ৰুফ চেম্পলিং কিটও বিকশিত কৰিব পৰা গৈছে । 

বিশ্বনাথ বন সংমণ্ডলত আয়োজিত ৰ'ডিচ- ইণ্ডিয়াৰ এই প্ৰশিক্ষণ কাৰ্যসূচী  ডি এফ অ' খাৰ্গেশ পেগুৱে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৷ বন বিষয়া খৰ্গেশ পেগুৰ মতে ৰ'ডিচ- ইণ্ডিয়াৰ অপৰাধ অনুসন্ধান সঁজুলিৰ ব্যৱহাৰে গঁড় হত্যাজনিত গোচৰৰ প্ৰণালীবদ্ধ তদন্ত সম্ভৱ হ'ব যাৰবাবে  চোৰাং চিকাৰৰ বিৰুদ্ধে যুঁদ্ধও শক্তিশালী হ'ব । চোৰাং চিকাৰীৰ বিৰুদ্ধে যুঁজবলৈ এই অত্যাধুনিক সঁজুলি সমূহ প্ৰৱৰ্তন কৰাৰ বাবে ভাৰত চৰকাৰৰ বন,  পৰিৱেশ আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ আৰু ৰ'ডিচ- ইণ্ডিয়া কাৰ্যসূচীৰ অন্যান্য অংশীদাৰ সকলকো ধন্যবাদ জনায় ।

******