১৩ দিনৰ পাছত দিল্লীত অজিত শইকীয়াৰ শেষকৃত সম্পন্ন : অসমলৈ ঘুৰি আহিছে পত্নী বন্তি হাজৰিকা আৰু কঙ্কনজ্যোতি বৰা :

১৩ দিনৰ পাছত দিল্লীত অজিত শইকীয়াৰ  শেষকৃত সম্পন্ন : অসমলৈ ঘুৰি আহিছে পত্নী বন্তি হাজৰিকা আৰু কঙ্কনজ্যোতি বৰা  :
Photo : Uttam Saikia

১৩ দিনৰ পাছত দিল্লীত অজিত শইকীয়াৰ  শেষকৃত সম্পন্ন : অসমলৈ ঘুৰি আহিছে পত্নী বন্তি হাজৰিকা আৰু কঙ্কনজ্যোতি বৰা  : 


AIIDESH NEWS. 21 May : 


দিল্লীৰ লোক নায়ক জয় প্ৰকাশ হাস্পতালত কভিড ১৯ ৰ সংক্ৰমনত মৃত্যু হোৱা অজিত শইকীয়াৰ ১৯ মে' দিনা উত্তৰ দিল্লীৰ নিগম ব'ড ঘাটৰ শ্মশানত  অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ লোক নায়ক জয় প্ৰকাশ হাস্পতালৰ মৰ্গত অজিত শইকীয়াৰ নশ্বৰ দেহ চিনাক্তকৰণ কৰি মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷ সমগ্ৰ প্ৰক্ৰিয়াটোত উদ্যোগ লৈছিল অসম এছ'চিয়েচন সম্পাদক দিব্যজ্যোতি দত্ত, অসম ভৱন আৰু দিল্লী আৰক্ষীৰ উত্তৰ-পূৱ শাখাই ৷  দিব্যজ্যোতি দত্তৰ নেতৃত্বতে দিল্লী আৰক্ষীৰ বিশেষ সহযোগিতাত সম্পূৰ্ণ ১৩ দিনৰ পাছত ১৯ মে' ত অজিত শইকীয়া অন্তিম সংকাৰ কৰা হয় ৷  অন্তেষ্টি ক্ৰিয়া সম্পন্নৰ পাচত বুধবাৰৰ পুৱা  পত্নী বন্তি শইকীয়া আৰু সম্পৰ্কীয় ভতিজা কংকনজ্যোতি বৰা অসম এছ'চিয়েচনে ব্যৱস্থা কৰি  দিয়া এখন ইন'ভা গাড়ীৰে অসমলৈ বুলি ৰাওনা হৈছে ৷ যোৱা ১০ মাৰ্চতেই বোকাখাতৰ ম'হমাইকী গাঁৱৰ পৰা পত্নী বন্তি শইকীয়াৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে লগত প্ৰতিবেশী যুৱক কংকনজ্যোতি বৰাক লৈ দিল্লী যোৱা অজিত শইকীয়া দিল্লীতে ২৮ এপ্ৰিলত কভিড ১৯ ত সংক্ৰমিত হৈছিল ৷ সংক্ৰমিত হোৱাৰ পাছত ৰাজীৱ গান্ধী চুপাৰ স্পেচেলিটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল অজিত শইকীয়া আৰু তেওঁৰ পৰিবাৰক  ৷ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ২ মে'ত প্লাজমা থেৰাপিৰে চিকিৎসা কৰিবৰ বাবে অজিত শইকীয়াক দিল্লীৰে লোক নায়ক জয় প্ৰকাশ চিকিৎসালয়লৈ স্থানান্তৰিত কৰে ৷ তাতেই চিকিৎসাধীন অৱস্থাত যোৱা সাত মে'তেই অজিত শইকীয়াৰ মৃত্যু হয় ৷ কিন্তু কেতিয়া কি পৰিস্থিতিত কেনেকৈ অজিত শইকীয়াৰ মৃত্যু হ'ল সেইয়া ৰহস্য হৈয়ে থাকি গ'ল ৷ লোক নায়ক জয় প্ৰকাশ চিকিৎসালয় কৰ্তৃপক্ষৰ দ্বায়িত্বহীনতাৰ বাবেই যোৱা ১৩ দিন অজিত শইকীয়াৰ মৃতদেহ মৰ্গতে পৰি থাকিল ৷ অজিত শইকীয়াৰ শেহতীয়া পৰিস্থিতিৰ কোনো খবৰেই নাপালে  পৰিয়ালে ৷ অৱশেষত দিল্লীত থকা অসম এছ'চিয়েচনৰ সম্পাদক দিব্যজ্যোতি দত্তৰ তৎপৰতাত পৰিয়ালে অজিত শইকীয়াৰ মৃত্যুৰ খবৰ পায় ৷ কিন্তু লোক নায়ক জয় প্ৰকাশ চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই যোৱা ১৩ টা দিন মৰ্গত পৰি থাকিল  অজিত শইকীয়াৰ মৃতদেহ ৷