মৰিধনশিৰি নদীত ক'জৱেৰ পৰিৱৰ্তে দলং নিৰ্মানৰ দাবীৰে বোকাখাতৰ ১ নং বেলগুৰি গাওঁত প্ৰতিবাদ : লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ ঘোষণা :

মৰিধনশিৰি নদীত ক'জৱেৰ পৰিৱৰ্তে দলং নিৰ্মানৰ দাবীৰে বোকাখাতৰ ১ নং বেলগুৰি গাওঁত প্ৰতিবাদ  : লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ ঘোষণা  :
Aiidesh Photo

Aiidesh News  : 4 March - 2024 : 

বোকাখাত উপ জিলাৰ মৰিধনশিৰি গাওঁ পঞ্চায়তৰ ১ নং বেলগুৰি গাওঁলৈ যোৱা পথত মৰিধনশিৰি নদীৰ ওপৰত এখন দলং নিৰ্মানৰ দাবীত আজি গাওঁবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বৰ্তমান নদীখনৰ ক'জৱে থকা স্থানত দলং নিৰ্মান নকৰিলে লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলি ঘোষণা কৰে গাওঁবাসীয়ে ৷ মৰিধনশিৰি গাওঁ পঞ্চায়তে জনোৱা মতে পঞ্চায়ত খনৰ ১ নং ৱাৰ্ডৰ বেলগুৰি গাওঁলৈ অগৰাতলি পথৰ পৰা যোৱা পথটোত মৰিধনশিৰি নদীৰ ওপৰত পুৰ্বৰ সভাপতিৰ কাৰ্যকালতে মৰিধনশিৰি পঞ্চায়তৰ পুঁজিৰে ক’জৱে নিৰ্মান কৰা হৈছিল ৷ উক্ত সময়ত গাওঁলৈ যোৱা পথটো গ্ৰেভেল পেলাই মেৰামতি কৰাৰ লগতে বহল কৰাৰো সিধান্ত গ্ৰহন কৰা হৈছিল যদিও ৰাস্তা বহল কৰিবৰ বাবে স্থানীয় ৰাইজে সহযোগ কৰা নাছিল বুলি মৰিধনশিৰি পঞ্চায়তৰ সচিবে জনায় ৷ অৱশ্যে মৰিধনশিৰি নদীৰ ওপৰত ক'জৱে নিৰ্মান কৰা হৈছিল ৷ 

সম্প্ৰতি এই ক'জৱেৰ স্থানত এখন দলং নিৰ্মান কৰাৰ দাবীৰে আজি গাওঁৰ জনসাধাৰণে ক'জৱে ওপৰতে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বাৰিষা মৰিধনশিৰি নদীৰ পানীয়ে সাধাৰণতে ক'জৱেটো বুৰায় পেলায় বাবে বেলগুৰি গাওঁলৈ যাতায়তৰ যথেষ্ট অসুবিধা হয় ৷ সেয়েহে মৰিধনশিৰি নদীৰ উক্ত ক'জৱেৰ স্থানত দলং নিৰ্মান নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলি আজি প্ৰতিবাদ স্থলীতে ঘোষণা কৰে গাওঁবাসীয়ে ৷  ইফালে ১ নং বেলগুৰি গাওঁৰ পথ লোকনিৰ্মান বিভাগৰ অধীন নোহোৱাৰ বাবে উল্লেখিত স্থানত দলং নিৰ্মানৰ কোনো আঁচনি হাতত লোৱা নাই বুলি জনায় লোকনিৰ্মান বিভাগে ৷ ইয়াৰ পৰিৱৰ্তে মথাউৰিৰ পৰা গাওঁখনলৈ নামি যোৱা দ্বিতীয়টো পথৰ কিছু অংশ মথাউৰি নিৰ্মানৰ লগতে আহল বহলকৈ নিৰ্মান কৰা কাৰ্য চলায় থকা হৈছে বুলি লোক নিৰ্মান বিভাগে জানিবলৈ দিয়ে ৷  

*********