বোকাখাতত চলি থকা মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতাৰ থলীত শিক্ষামন্ত্ৰী ৰনোজ পেগু : ক্ৰীড়ানুৰাগী শিক্ষকৰ বাবে বিশেষ সুবিধাৰ প্ৰতিশ্ৰুতি :

বোকাখাতত চলি থকা মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতাৰ থলীত শিক্ষামন্ত্ৰী ৰনোজ পেগু  : ক্ৰীড়ানুৰাগী শিক্ষকৰ বাবে বিশেষ সুবিধাৰ প্ৰতিশ্ৰুতি  :
Aiidesh Photo

বোকাখাতত চলি থকা মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতাৰ থলীত শিক্ষামন্ত্ৰী ৰনোজ পেগু  : ক্ৰীড়ানুৰাগী শিক্ষকৰ বাবে বিশেষ সুবিধাৰ প্ৰতিশ্ৰুতি  : 

Aiidesh News  :  9th December  :

ক্ৰীড়ানুৰাগী শিক্ষকৰ বাবে শুভ সংবাদ । সহজ কৰা হ'ব শিক্ষক সকলে খেল আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ ব্যৱস্থা । বোকাখাতৰ ৰাজহুৱা খেল পথাৰত চলি থকা সদৌ অসম মাষ্টাৰ্চ এথলেটিক প্ৰতিযোগিতাৰ বাকৰিত এই কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰী ৰনোজ পেগুয়ে ৷ মন্ত্ৰী ৰনোজ পেগুৰ মতে শিক্ষকসকলে খেল বা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ছুটী লাভ কৰে যদিও বহু প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব লগা হয় ৷ যাৰ বাবে চৰকাৰে শীঘ্ৰে সেইসমূহ প্ৰতিবন্ধকতা আঁতৰাই এই ক্ষেত্ৰত শিক্ষক সকলৰ বাবে বিশেষ শিথিলতাৰ ব্যৱস্থা কৰিব বুলি তেওঁ মন্তব্য কৰে ৷ আজি বোকাখাতত অনুষ্ঠিত হৈ থকা ২৮ সংখ্যক মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতাত উপস্থিত হৈ  মন্ত্ৰী ৰনোজ পেগু খেল চোৱাৰ লগতে ৰাজ্যত পুনৰ খেলৰ এক সুন্দৰ বাতাবৰণ গঢ়ি উঠা বুলি মন্তব্য কৰে ।

ইফালে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈ থকা ২৮ সংখ্যক মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতাৰ আজি দ্বিতীয় দিনৰ খেলৰ ১০০ মিটাৰ দৌৰত মৰানহাটৰ ৮৫ বছৰীয়া মুহিত্ৰী সন্ধিকৈয়ে  প্ৰথম পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে ৯৫ বছৰ উদ্ধৰ্ৰ পুৰুষৰ ১০০ মিটাৰ দৌৰত মৰানহাটৰে ইন্দ্ৰেশ্বৰ দিহিঙ্গীয়া আৰু ৯০ উৰ্দ্ধৰ ১০০ মিটাৰ দৌৰত কোকৰাঝাৰৰ সুৰেন্দ্ৰ বসুমতাৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছে । 

*******