কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ :

Aiidesh New : 11 March :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত আজি এটা প্ৰাপ্ত বয়স্ক ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷ কঁহৰা বনাঞ্চলৰ কাৰ্তিকা বন শিবিৰ এলেকাৰ সমীপৰ ৰাজমাই কাঠনি এলেকাত আজি এই ঢেকীয়াপতীয়া বাঘটোৰ উৱলি যোৱা মৃত দেহ উদ্ধাৰ হয় ৷ এসপ্তাহৰ পূৰ্বে পাৰস্পৰিক যুঁজত প্ৰাপ্ত বয়স্ক বাঘটো মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বনকৰ্মীয়ে ৷ ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহ উৱলি যোৱাৰ বাবে লিংগ নিৰ্ধাৰণ অসুবিধাৰ সৃষ্টি হৈছে ৷ আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভাগীয় পশু চিকিৎসকৰ নেতৃত্বত যোৱা পশু চিকিৎসকৰ দলে ঘটনাস্থলীতেই বাঘটোৰ মৃতদেহৰ মৰোনোত্তৰ পৰীক্ষা কৰাৰ পিচত উক্ত স্থানতে বিভাগীয় বিষয়াৰ উপস্থিতিত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশাৱলীৰ মতে দাহ কৰে ৷
********