বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰত অৰুণাচলৰ এজাক অনাথ শিশু : দুই ৰাজ্যৰ সাংস্কৃতিক বিনিময় :

বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰত অৰুণাচলৰ এজাক অনাথ শিশু : দুই ৰাজ্যৰ সাংস্কৃতিক বিনিময়  :
Aiidesh Photo

Aiidesh News : 5th December  : 

অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লাংলাৰ 'জামচে গাতচাল' নামৰ অনাথ আশ্ৰমৰ ১৩ জনীয়া ছাত্ৰ ছাত্ৰীৰ এটা দলে অলপতে বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে ৷ অৰুণাচলৰ অনাথ ছাত্ৰ ছাত্ৰী সকলে বোকাখাতৰ দিব্যাংগ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰি অভিভূত হৈ পৰে ৷ ছাত্ৰ ছাত্ৰীৰ দুয়োটা দলেই নিজৰ নিজৰ ক'লা সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে অতি অন্তৰংগতাৰে ভাৱ বিনিময়ো কৰে ৷

বিশ্ব প্ৰকৃতি নিধিৰ তেজপুৰ কেন্দ্ৰৰ উদ্যোগত কাজিৰঙালৈ অহা এই ছাত্ৰ ছাত্ৰীৰ দলটোয়ে উজনি অসম বিকলাংগ কেন্দ্ৰৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ সৈতে দুপৰীয়াৰ আহাৰো গ্ৰহন কৰে ৷ কেন্দ্ৰৰ তৰফৰ পৰা অতিথি ছাত্ৰ ছাত্ৰী সকলক ফুলাম গামোছাৰে আদৰণিও জনোৱা হয় ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত উজনি অসম বিকলাংগ কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, উপ সভাপতি দুলাল ডেকা, সহকাৰী সম্পাদক কৈলাশ পটোৱাৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ফনীধৰ ৰাজখোৱা, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কুঞ্জলতা দাস, বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড৹ প্ৰনৱ জ্যোতি বৰা, কাৰ্যকৰ্তা জয়ন্ত ডেকাৰ উপৰিও সমুহ শিক্ষক কৰ্মচাৰী উপস্থিত থাকে ৷ এনেবোৰ কাৰ্যসুচীৰ দ্বাৰা আমি দুখন ৰাজ্য সাংস্কৃতিক বিনিময়ৰ লগতে চৌকাষৰ পৰিৱেশ সম্পৰ্কেও ছাত্ৰ ছাত্ৰী সকলক সজাগ কৰাৰ প্ৰয়াস কৰা বুলি জনায় বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড৹ প্ৰনৱ জ্যোতি বৰাই ৷

******