ধনশিৰিমুখত বিপদ সীমাৰ অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই : ২৪ জুনলৈকে জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনা :

ধনশিৰিমুখত বিপদ সীমাৰ অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই : ২৪ জুনলৈকে জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনা :
Aidesh Photo

ধনশিৰিমুখত বিপদ সীমাৰ অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই : ২৪ জুনলৈকে জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনা :

Aiidesh News  : 23 June 2023 : 

কেন্দ্ৰীয় জল আয়োগৰ বিভিন্ন লেভেল ষ্টেচনৰ পৰা সংগৃহীত তথ্যৰ আধাৰত উজনিৰ বান পৰিস্থিতিৰ সম্পৰ্কত এইদেশৰ এক বিশেষ প্ৰতিবেদন ৷

ধনশিৰিমুখ -

বোকাখাতৰ ধনশিৰিমুখত ২৩ জুনৰ পুৱা বিপদসীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠই ৷ কেন্দ্ৰীয় জল আয়োগৰ পৰা পোৱা তথ্য ২৩ জুনৰ পুৱা জলপৃষ্ঠ বিপদ সীমাৰ ০.১৩ মিটাৰ ওপৰেদি প্ৰবাহিত হৈ আছে ৷ যোৱা নিশাটোৰ ভিতৰত ধনশিৰিমুখত ০.৪৫ মিটাৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ পুৰ্বানুমান মতে ধনশিৰিমুখ ২৫ জুনৰ বিয়লিলৈকে বৃদ্ধি পাব ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷

নিমাতীঘাট -

নিমাতীঘাটত যোৱা নিশাটোৰ ভিতৰত ০.০২ মিটাৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ ক্ৰমে স্থবিৰ হৈছে জলপৃষ্ঠ ৷ ২৩ জুনৰ পুৱা নিমাতীঘাটৰ জলপৃষ্ঠ বিপদসীমাৰ ০.১৪ মিটাৰ ওপৰেদি প্ৰবাহিত হৈছে যদিও ২৪ জুনৰ বিয়লিৰে পৰা জলপৃষ্ঠ নিম্নগামী হোৱাৰ সম্ভাৱনা ৷

ডিব্ৰুগড়  -

ডিব্ৰুগড়ত নিম্নগামী হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ ২৩ জুনৰ পুৱা ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ০.২২ মিটাৰ হ্ৰাস পাইছে ৷ সম্প্ৰতি ডিব্ৰুগড়ৰ জলপৃষ্ঠ  বিপদ সীমাৰ ০.৬৫ মিটাৰ তলত আছে ৷ পুৰ্বানুমান মতে ডিব্ৰুগড়ত জলপৃষ্ঠ বৃদ্ধিৰ  সম্ভাৱনা নাই ৷

পাচিঘাট , ইংকিয়ং আৰু টুটিং -

পাচিঘাটত যোৱা নিশা ০.৪০ মিটাৰ, ইনকিয়ংত ০.৩৩ মিটাৰ আৰু টুটিংত ০.৫৬ মিটাৰ হ্ৰাস পাইছে চিয়াং নদীৰ জলপৃষ্ঠ ৷ পুৰ্বানুমান মতে পাচিঘাট, ইংকিয়ং আৰু টুটিংত অহা ২৭ জুনলৈকে জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনা কম ৷

বৃষ্টিপাত -

২৩ জুনৰ পুৱাৰ তথ্য মতে বিগত ২৪ ঘন্টাত :-D বোকাখাতৰ ধনশিৰিমুখত ১.৫ মিলিমিটাৰ,  নিমাতীঘাটত ৩২ মিলিমিটাৰ, ডিব্ৰুগড়ত ০ মিলিমিটাৰ, অৰুণাচলৰ পাচিঘাটত ০ মিলিমিটাৰ, ইংকিয়ংত ০ মিলিমিটাৰ আৰু টুটিংত ০ মিলিমিটাৰ বৃষ্টিপাত হৈছে

********