বোকাখাতৰ ম'হমাইকী গাওঁৰ এটা ভাড়াঘৰত আৰক্ষীৰ অভিযান : দেহ ব্যৱসায়ৰ লগত জড়িত দুগৰাকী যুৱতীৰ সৈতে এগৰাকী মহিলা আৰু এজন ব্যক্তিক আটক :

Aiidesh News  : 30 March 2023  :

বোকাখাতত নগৰত দীৰ্ঘ দিন ধৰি চলি থকা এটা বৃহৎ দেহ ব্যৱসায়ীৰ ঘাটি আজি বিয়লি বোকাখাত আৰক্ষীয়ে উৎখাত কৰে  ৷ গোপন সুত্ৰৰ আধাৰত চলোৱা এই অভিযানত বোকাখাত আৰক্ষীয়ে দুগৰাকী যুৱতীসহ এগৰাকী মহিলা আৰু এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে বোকাখাত নগৰ এলেকাধীন ম'হমাইকী গাঁৱৰ এটা ভাড়াঘৰত দ্বিতীয় বিবাহিত মৃদু চেতিয়া নামৰ এগৰাকী মহিলাই এই দেহ ব্যৱসায় চলায় আহিছিল ৷

অভিযানকাৰী আৰক্ষীৰ দলে ম'হমাইকী গাঁৱৰ ভাড়াঘৰৰ পৰা মৃদু চেতিয়া নামৰ নুমলীগড়ৰ ৫ নং ৰংবংপথাৰৰ মহিলা গৰাকীৰ লগতে সৰুপথাৰৰ ববিতা ৰায় আৰু সীমা নাথ নামৰ দুগৰাকী যুৱতীৰ উপৰিও ৰংবংপথাৰৰ সুৰেণ দাস নামৰ এজন ব্যক্তিকো আটক কৰিছে । অভিযান কালত ভাড়াঘৰটোৰ পৰা বৃহৎ পৰিমাণৰ কণ্ডমো জব্দ কৰিছে আৰক্ষীয়ে  ৷ অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে বোকাখাতৰ আৰক্ষীয়ে ৷

***********