২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব বোকাখাতৰ পৰা প্ৰকাশিত সপ্তাহিক বাতৰি কাকত 'ৰাইজৰ খবৰ'ৰ ২০ সংখ্যক বর্ষপূর্তি অনুষ্ঠান :

২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব বোকাখাতৰ পৰা প্ৰকাশিত সপ্তাহিক বাতৰি কাকত 'ৰাইজৰ খবৰ'ৰ ২০ সংখ্যক বর্ষপূর্তি অনুষ্ঠান :
Aiidesh photo

Aiidesh News : 12 April - 2026 :

বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ পৃষ্ঠপোষকতাত বোকাখাতৰ পৰা প্রকাশিত সাপ্তাহিক বাতৰি কাকত 'ৰাইজৰ খবৰ'ৰ ২০ সংখ্যক বর্ষপূর্তি অনুষ্ঠান অহা ২৬ এপ্রিল তাৰিখে বিভিন্ন কাৰ্যসূচীৰে বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ আৰু নুমলীগড় শোধনাগাৰৰ সহযোগত জে ডি এচ জি মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব । বৰ্ষপুৰ্তি অনুষ্ঠানতে 'ৰাইজৰ খবৰ ফ'কাচ' নিউজ পৰ্টেলৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব । 'ৰাইজৰ খবৰ'ৰ বর্ষপূর্তিৰ লগত সংগতি ৰাখি কেইবাটাও শাখাত সদৌ অসম ভিত্তিত জুবিন গাৰ্গৰ গীতৰ আধাৰত একক আৰু দলীয় সৃষ্টিশীল নৃত্য প্রতিযোগিতা, আৰু 'বিকশিত ভাৰতৰ দিশে: যুব শক্তি সম্ভাবণীয়তা আৰু কৃত্রিম বুদ্ধিমত্তাৰ ভূমিকা' শীর্ষক আলোচনা চক্রৰ অনুষ্ঠিত হ'ব । বৰ্ষপুৰ্তিৰ অনুষ্ঠানতে বোকাখাতৰ প্ৰৱীন সাংবাদিক সুষময় পুৰকায়স্থক ৰাইজৰ খবৰৰ উদ্যোগত ২০২৬ বৰ্ষৰ জনতাৰ প্ৰহৰী ভৱেশ শইকীয়া সোঁৱৰণী ৰাইজৰ খবৰ সাংবাদিক বঁটা আৰু সাহিত্যিক পেঞ্চনাৰ অপূৰ্ব বৰদলৈক ২০২৬ বৰ্ষৰ প্ৰয়াত বাপকন দাস সোঁৱৰণী ৰাইজৰ খবৰ সাহিত্য বঁটা প্রদান কৰা হ'ব বুলি ৰাইজৰ খবৰৰ মুখ্য সম্পাদক জিতু শৰ্মা ৰাজখোৱাই জনাইছে ।  

২৬ এপ্ৰিলত দিনজোৰা কাৰ্যসুচীৰে আয়োজিত এই অনুষ্ঠানৰ পুৱা বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই জুবিন গাৰ্গৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপনেৰে কাৰ্যসুচীৰ আৰম্ভ হ'ব। পৰৱৰ্তী সময়ত স্থানীয় জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়ন্ত গগৈৰ সঞ্চালনাত বিকশিত ভাৰতৰ দিশে। যুব শক্তি সম্ভাবনীয়তা আৰু কৃত্রিম বুদ্ধিমত্তাৰ ভূমিকা শীৰ্ষক আলোচনা চক্র অনুষ্ঠিত হ'ব। আলোচনাত নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ মুখ্য প্ৰৱন্ধক মিন্টু সন্দিকৈ আৰু বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই মুখ্য বক্তা হিচাবে অংশগ্ৰহন কৰিব। পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'ব লগা সদৌ অসম ভিত্তিত জুবিন গাৰ্গৰ গীতৰ আধাৰত একক আৰু দলীয় সৃষ্টিশীল নৃত্য প্রতিযোগিতাৰ মঞ্চ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব নুমলীগড় শোধনাগাৰৰ মহাপ্ৰৱন্ধক ড০ কাজল শইকীয়াই। প্ৰতিযোগিতাৰ শেষত অনুষ্ঠিত হ’ব লগা বিশেষ সভাত অসম গন পৰিষদ দলৰ সভাপতি অতুল বৰাই মুখ্য অতিথি আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকা বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহন কৰিব বুলিও জিতু শৰ্মা ৰাজখোৱাই জনাইছে। এই অনুষ্ঠানতে বৰ্ষপুৰ্তিৰ লগত সংগতি ৰাখি ইতিমধ্যেই অনুষ্ঠিত হৈ যোৱা প্ৰৱন্ধ প্ৰতিযোগিতাৰ বিজয়ী সকলকো বঁটা প্ৰদান কৰা হ'ব বুলিও লগতে জনাইছে। 

**********