বোকাখাতৰ কুৰুৱাবাহীৰ চিনাকানত অগ্নিকাণ্ড : জুইত জাহ গ'ল কুকুৰা ফাৰ্ম :

বোকাখাতৰ কুৰুৱাবাহীৰ চিনাকানত অগ্নিকাণ্ড : জুইত জাহ গ'ল কুকুৰা ফাৰ্ম  :
Aiidesh Photo

Bubul Dutta : Aiidesh News : 15 February 2024 : 

বোকাখাত উপ জিলাৰ কুৰুৱাবাহী অঞ্চলৰ চিনাকান গাঁৱত আজি সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড । জুইত জাহ গ'ল এখন কুকুৰা ফাৰ্ম । চিনাকানৰ নয়ন গগৈ নামৰ এজন লোকৰ ঘৰৰ লগতে থকা এখন কুকুৰা ফাৰ্মত জুই লাগি বিস্তৰ ক্ষতি সাধন হয় । কুকুৰা ফাৰ্মখনত থকা প্ৰায় ৪০০ স্থানীয় প্ৰজাতিৰ কুকুৰা পোৱালী জুইত জাহ যায় বুলি জানিব পৰা গৈছে । আত্ম সহায়ক গোটৰ পৰা লোৱা ধনেৰে আৰম্ভ কৰা এই কুকুৰা ফাৰ্মখন জুইত জাহ যোৱাত এতিয়া সংকটত পৰিছে দৰিদ্ৰ পৰিয়ালটি ৷ ফাৰ্ম খন অগ্নি সংযোগ হোৱাৰ পিচতেই স্থানীয় ৰাইজৰ লগতে বিদ্যুত বিভাগৰ কৰ্মচাৰী কেইজনমানৰ তৎপৰতাত অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডত অৱশ্যে কোনো লোকৰ হানি বিঘিনি হোৱা নাই বুলি জানিব পৰা গৈছে ৷

**********