কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁত ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিৰ জনহিতকৰ আঁচনি :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁত ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিৰ জনহিতকৰ আঁচনি  :
Aiidesh Photo
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁত ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিৰ জনহিতকৰ আঁচনি  :

Aiidesh News  : 20 June - 2024 : 

ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিৰ উদ্যোগত অসম চৰকাৰৰ বন বিভাগৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁবোৰত এলানি আঁচনি ৰূপায়ন কৰা হৈছে ৷ এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে গাওঁবাসী ৷ ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিৰ উদ্যোগত ইতিমধ্যেই কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ তামুলীপথাৰ গাওঁত গাওঁবাসীক কেঁচু সাৰৰ উৎপাদন আৰু বিপননৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ এসপ্তাহৰ বাবে আয়োজিত এই প্ৰশিক্ষণত কেঁচু সাৰ উৎপাদন প্ৰক্ৰিয়া আৰু ইয়াৰ উৎপাদনেৰে কেনেদৰে স্বাৱলম্বী হ'ব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক সমল ব্যক্তি নৱনীল তালুকদাৰে ৷ এই প্ৰশিক্ষনত গাওঁবাসীৰ লগতে ১০ গৰাকী কৃষকে কেঁচু সাৰৰ প্ৰশিক্ষণ সমাপ্ত কৰে ৷ প্ৰশিক্ষাৰ্থী সকলৰ মতে কেঁচু সাৰ উৎপাদৰ প্ৰশিক্ষনে তেওঁলোকৰ জৈৱিক কৃষি উৎপাদন বৃদ্ধিত সহায়ক হ'ব ৷

একেদৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত বনাঞ্চলৰ বৰভেটা আৰু পানবাৰী গাওঁত পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সহযোগত ছাত্ৰ ছাত্ৰীৰ বাবে বিনামুলীয়া কম্পিউটাৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা বুলি জনায় ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিৰ সমন্বয়ক ধ্ৰুৱজ্যোতি  ঠাকুৰে ৷ এই আঁচনিৰ অধীনত বৰভেটা আৰু পানবাৰী গাওঁৰ ৩২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে এচিয়ান ইনফ'টেক প্ৰতিষ্ঠানত ইতিমধ্যেই তিনিমহীয়া প্ৰশিক্ষণ সম্পুৰ্ণ কৰিছে ৷

বন বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিৰ উদ্যোগতে কাজিৰঙাৰ কাষৰীয় বহিখোৱা গাওঁত জাকাৰ্ড মেচিনৰ সহায়ত কাপোৰ বোঁৱাৰ ৪১ দিনীয়া এক প্ৰশিক্ষণো ৰূপায়ন কৰিছে ৷ এই প্ৰশিক্ষণত বহিখোৱা পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ ২০ গৰৈকী স্থানীয় মহিলাই প্ৰশিক্ষন গ্ৰহন কৰে ৷ ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিৰ দ্বাৰা বহিখোৱাৰ এই মহিলা সকলৰ বাবে চাৰিটাকৈ জাকাৰ্ড মেচিনৰো যোগান ধৰা হয় ৷ জাকাৰ্ড মেচিনৰ দীৰ্ঘদিনীয়া দাবী পূৰ্ণ কৰি দিয়াৰ বাবে বহিখোৱাৰ মহিলা সকলে ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিক ধন্যবাদ জ্ঞাপন কৰে  ৷ .

*********