বোকাখাতত হিতাধিকাৰীৰ মাজত ৰাজ সাহাৰ্য যুক্ত অত্যাধুনিক কৃষি সজুঁলি বিতৰণ মন্ত্ৰী অতুল বৰাৰ : ৬০ খন ট্ৰেক্টৰ বিতৰণ :

বোকাখাতত হিতাধিকাৰীৰ মাজত ৰাজ সাহাৰ্য যুক্ত অত্যাধুনিক কৃষি সজুঁলি বিতৰণ মন্ত্ৰী অতুল বৰাৰ : ৬০ খন ট্ৰেক্টৰ বিতৰণ :
Aiidesh Photo
বোকাখাতত হিতাধিকাৰীৰ মাজত ৰাজ সাহাৰ্য যুক্ত অত্যাধুনিক কৃষি সজুঁলি বিতৰণ মন্ত্ৰী অতুল বৰাৰ : ৬০ খন ট্ৰেক্টৰ বিতৰণ :

Aiidesh News : 9 March - 2026 :

বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আজি কৃষি বিভাগে আয়োজন কৰা  কৃষি যান্ত্ৰিকীকৰন উপ-আঁচনিৰ অধীনত ৰাজ সাহাৰ্য যুক্ত অত্যাধুনিক কৃষি সজুঁলি বিতৰণ কাৰ্যসূচীত অংশ গ্ৰহন কৰে মন্ত্ৰী অতুল বৰাই । অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী অতুল বৰাই কৃষকৰ মাজত  ৰাজ সাহাৰ্য যুক্ত ৬০ খন অত্যাধুনিক ট্ৰেক্টৰ বিতৰণ কৰে । অনুষ্ঠানতে বজাৰলৈ নতুনকৈ অহা উচ্চ প্ৰযুক্তিৰ মিনি ট্ৰেক্টৰ চলাই আনন্দও লয় মন্ত্ৰী অতুল বৰাই । অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কৃষি যান্ত্ৰিকীকৰণ আৰু কৃষিকাৰ্যত আধুনিক প্ৰযুক্তি প্ৰয়োগৰ ফলশ্ৰুতিত কম সময়ত অধিক শস্য উৎপাদনৰ যোগেদি কৃষকসকল আৰ্থিকভাৱে যথেষ্ট লাভৱান হৈছে বুলি মন্তব্য কৰে । কৃষি যান্ত্ৰিকীকৰণৰ ফলত কৃষকসকলৰ সময় আৰু পৰিশ্ৰম লাঘৱ হোৱাৰ ফলত কৃষকসকলে একেডৰা মাটিতে বহুতৰপীয়া খেতি কৰি লাভান্বিত হৈছে বুলিও মন্তব্য কৰে । 

উল্লেখ্য যে আজি গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগ তথা কৃষি অভিযান্ত্ৰিক শাখাৰ সহযোগত আয়োজিত "কৃষি যান্ত্ৰিকীকৰণ উপ-আঁচনি" ৰ অধীনত ৰাজ সাহায্য যুক্ত বিভিন্ন কৃষি যান্ত্ৰিকীকৰণ সঁজুলি বিতৰণ কৰা হয় ।   আজিৰ অনুষ্ঠানত বোকাখাত সমজিলাৰ আয়ুক্ত শিৱানী জেৰ্নগল, গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী পূৰ্ণিমা দাস, বোকাখাত পৌৰসভাৰ পৌৰপতি  ৰত্নেশ্বৰ বৰুৱা, জিলা পৰিষদৰ সদস্য নৰেন বৰি, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জয়ন্তী লইং, বোকাখাত সমষ্টিৰ বি জে পি দলৰ প্ৰভাৰী সন্তোষ ওঝা, অনিমেষ শইকীয়া, চন্দ্ৰ শৰ্মা, প্ৰণৱ চেতিয়া, নিজু লইং, যতীন নাথ, ৰীতা তালুকদাৰ, ভাস্কৰ কালিন্দী, মৃণাল দাস, ৰাজেন দাস, উৎপল বৰদলৈ প্ৰমুখ্যে বিজেপি আৰু অসম গন পৰিষদ দলৰ নেতৃস্থানীয় ব্যক্তি আৰু কাৰ্যকৰ্তাৰ উপৰিও  জিলা কৃষি বিষয়া ৰঞ্জন বৰুৱা, সম জিলা কৃষি বিষয়া হেমাংগ সোণোৱাল উপস্থিত থাকে  ।

************