বোকাখাতৰ কুৰুৱাবাহী সত্ৰৰ সমীপত ধনশিৰি নদীত সলিল সমাধি এজন লোকৰ :

বোকাখাতৰ কুৰুৱাবাহী সত্ৰৰ সমীপত ধনশিৰি নদীত সলিল সমাধি এজন লোকৰ  :
Aiidesh Photo

Aiidesh News  : 3 May - 2024  :

বোকাখাত উপ-জিলাৰ নিকৰিঘাটৰ উজনিলৈ  ধনশিৰিৰ নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে স্পাৰ আৰু পাৰ্কুপাইন নিৰ্মান কৰা হৈছিল বন্ধা হৈছিল । এই শিলৰ স্পাৰ আৰু পাৰ্কুপাইনৰ মাজতে   চিতল মাছে কণী পাৰিবৰ বাবে ব্যৱহাৰ কৰিবলৈ লৈছিল ৷ কণী পৰা পিচত চিতল মাছে এই অঞ্চলতে বিচৰণ কৰি ফুৰিছিল ৷ যাৰ বাবে স্থানীয় একাংশ লোকে ধনশিৰিৰ পানীত বুৰ মাৰি বিশেষ কৌশলেৰে কণী পৰা মাছ ধৰি আহিছিল ৷ এনেদৰে পানীত বুৰ মাৰিবলৈ যোৱা এজন যুৱকে ধনশিৰি নদীৰ এই অংশতে মাছ ধৰিবলৈ গৈ মৃত্যুক সাৱতিব লগা হয় ৷ 

বোকাখাত উপ জিলাৰ কুৰুৱাবাহী সত্ৰৰ সমীপৰ এই অংশত ধনশিৰি নৈত বুৰ মাৰি মাছ মাৰিবলৈ গৈ আজি পুৱাৰে পৰা নিৰুদ্দিষ্ট হৈ আছিল বিজয় মিচং  নামৰ এজন ব্যক্তি । ঘটনাৰ পিচতেই স্থানীয় লোকে অৱগত কৰাত বোকাখাত আৰক্ষীৰ লগতে এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰকাৰী দলে ঘটনাস্থলীত ধনশিৰিত চলোৱা অভিযানৰ পিচত বিয়লি পানীৰ পৰা বিজয় মিচংৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে মাছ ধৰিবলৈ ধনশিৰি নদীত ডুব মাৰিছিল লোক জনে । ধনশিৰি নদীত সলিল সমাধি হোৱা বিজয় মিচংৰ ঘৰ নিকৰি গাওঁত বুলি জানিব পৰা গৈছে ৷

********