কাৰ্বি আংলং জিলাৰ ডলামৰাত বিশ্ব প্ৰকৃতি নিধিৰ উদ্যোগত বিশ্ব গঁড় দিৱস উদযাপন : গঁড় সুৰক্ষা কৰাৰ বাবে ৩২ গৰাকী ব্যক্তিক সম্বৰ্ধনা প্ৰদান :

কাৰ্বি আংলং জিলাৰ ডলামৰাত বিশ্ব প্ৰকৃতি নিধিৰ উদ্যোগত বিশ্ব গঁড় দিৱস উদযাপন  : গঁড় সুৰক্ষা কৰাৰ বাবে ৩২ গৰাকী ব্যক্তিক সম্বৰ্ধনা প্ৰদান  :
Aiidesh Photo

Aiidesh News  : 23 September  :

বিশ্ব প্ৰকৃতি নিধিৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ স্বায়ত্ব পৰিষদ আৰু জিলাখনৰ বন বিভাগৰ সহযোগত বুধবাৰৰ দিনা সমগ্ৰ বিশ্বৰ লগতে বিশ্ব গঁড় দিৱস উদযাপন কৰা হয় ৷ A DAY WITH THE RHINO PROTECTORS নামেৰে এই দিৱস বন বিভাগৰ ডলামৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় প্ৰাংগনত আয়োজিত কৰা হয় ৷ অনুষ্ঠানত ডলামৰা বন বিভাগ,  ডলামৰা আৰক্ষী আৰু কাকচাং গাওঁৰক্ষীক সামৰি মুঠ ৩২ গৰাকী লোকক সম্বৰ্ধনা জনোৱা হয় ৷ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী ,জুলাই আৰু চেপ্তেম্বৰ মাহত কাজিৰঙা পৰা ওলাই অহা গঁড়ক সুৰক্ষা প্ৰদান কৰি পুনৰ কাজিৰঙালৈ ওভটি যোৱাত কাজিৰঙাৰ বনকৰ্মীক সহায় কৰা বাবে এই ৩২ গৰাকী লোকক বিশ্ব প্ৰকৃতি নিধিৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ সহকাৰী বন সংৰক্ষক  প্ৰহ্লাদ ক্ৰ', বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড০ প্ৰণৱ জ্যোতি বৰা, নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ প্ৰৱক্তা ড৹ কুলেন চন্দ্ৰ দাস, ডলামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জে শইকীয়া, টাটা কনজিউমাৰ প্ৰডাক্টৰ দুই বিষয়া ক্ৰমে এন ভট্টচাৰ্য আৰু আৰ দে  উপস্থিত থাকে ৷ সম্বৰ্ধিত ব্যক্তি সকলেও কাদিৰঙাৰ পৰা ওলায় অহা গঁড় পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ওভটাৰ বাবে কৰা তেওঁলোকৰ প্ৰচেষ্টাও বৰ্ণনা কৰে ৷ অনুষ্ঠানত টাটা গ্ৰুপৰ পৰা অহা বিষয়া গঁড় সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা সামগ্ৰী বিতৰণ কৰে ৷ অনুষ্ঠানত বিশ্ব প্ৰকৃতি নিধিৰ ত্ৰিদীপ শৰ্মা, চৰকাম ৰংফাৰ, জয়ন্ত ডেকা আৰু ইচুফ খানো  উপস্থিত থাকে ।

*********