জাপানত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ অংশগ্ৰহন :আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন গৱেষক তথা বিশেষজ্ঞৰে কাম কৰাৰ সুযোগ :

জাপানত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ অংশগ্ৰহন :আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন গৱেষক তথা বিশেষজ্ঞৰে কাম কৰাৰ সুযোগ :
Collected photo
জাপানত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ অংশগ্ৰহন :আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন গৱেষক তথা বিশেষজ্ঞৰে কাম কৰাৰ সুযোগ :

Aiidesh News : 6 March - 2026 : 

জাপানত অলপতে অনুষ্ঠিত হোৱা এক গৱেষণালব্ধ শৈক্ষিক কাৰ্যসূচীৰ জৰিয়তে বড়োলেণ্ড বিশ্ববিদ্যালয়ে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় গৱেষণাৰ ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষন হৈছে । এই কাৰ্যসূচীত বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়খনৰ গৱেষক তথা অধ্যাপক ড০ হেমেন শৰ্মাৰ নেতৃত্ব তথা তত্বাৱধানত অংশগ্ৰহন কৰে । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এই সন্মিলিত প্ৰচেষ্টাই সম্প্ৰতি বিশ্ববিদ্যালয় খনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিৰ লগতে শৈক্ষিক উপস্থিতি বৃদ্ধি তথা উদীয়মান বৈজ্ঞানিক ক্ষেত্ৰত জ্ঞান বিনিময়, উন্নত গৱেষণা, প্ৰশিক্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা উন্নত কৰাৰ সহায় কৰিছে ।

আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গৱেষক তথা উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ হেমেন শৰ্মাই জাপানত গৱেষণা সম্পন্ন কৰিবলৈ জাপান চ’চাইটি ফৰ দ্যা প্ৰমোচন অৱ চায়ঞ্চৰ ভিজিটিং ৰিচাৰ্চ ক’ৰ টু ক’ৰ অনুদানো লাভ কৰিছে । এই অনুদান জাপান চ’চাইটি ফৰ দ্যা প্ৰমোচন অৱ চায়ঞ্চয়ে আগবঢ়াই, যাৰ উদ্দেশ্য হৈছে বিশ্বব্যাপী গৱেষণা বিন্যাস তথা শৈক্ষিক বিনিময় শক্তিশালী কৰা । এই কাৰ্যসূচীৰ অংশ হিচাপে অধ্যাপক ড০ হেমেন শৰ্মাই জাপানৰ হকাইড' বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা অনুষদৰ টক্সিক’লজি গৱেষণাগাৰত এমাহজোৰা অতিথি হিচাবে গৱেষণা কাৰ্যসূচী সম্পন্ন কৰে । এই গৱেষণা "ৱান হেল্থ " ধাৰণাৰ অধীনত সম্পন্ন হয়, । এই ধৰণাই মানুহ, জন্তু আৰু পৰিৱেশৰ স্বাস্থ্যৰ মাজত থকা আন্তঃসম্পৰ্কক গুৰুত্ব প্ৰদান কৰে । জাপান ভ্ৰমণকালত ড০ হেমেন শৰ্মাই আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ সৈতে কাম কৰে আৰু উন্নত প্ৰযুক্তিৰ গৱেষণাগাৰৰ সুবিধা তথা টক্সিক’লজি আৰু পৰিৱেশ স্বাস্থ্যৰ ক্ষেত্ৰত আধুনিক বিশ্লেষণমূলক যন্ত্ৰপাতিৰ ব্যৱহাৰৰ প্ৰশিক্ষণ লাভ কৰে ৷

জাপানৰ বৈজ্ঞানিক ক্ষেত্ৰ খনৰ সৈতে হোৱা এই সহযোগিতাই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নবীন গৱেষক সকলৰ বাবেও নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে । বিশ্ববিদ্যালয়ৰ দুজনকৈ পিএইচডি গৱেষক  ক্ৰমে বাপ্পী সেন আৰু সুপ্ৰীতি শ্যামে এই সহযোগিতামূলক কাৰ্যসূচীৰ অধীনত জাপানলৈ আমন্ত্ৰিত হৈ ইতিমধ্যেই গৱেষণাত অংশ গ্ৰহন কৰিছে ৷ এই গৱেষণা কাৰ্যসূচীত পৰিৱেশীয় টক্সিক’লজিৰ ব্যৱহাৰিক প্ৰশিক্ষণ অন্তৰ্ভুক্ত আছিল । ইয়াত পানীয় আৰু মূত্ৰ নমুনাত কীটনাশকৰ অৱশেষ বিশ্লেষণ, জন্তুৰ কোষ আৰু কলা তথা ৰক্তৰ নমুনাত গধুৰ ধাতুৰ উপস্থিতি চিনাক্ত কৰা আৰু প্ৰসাধন সামগ্ৰী আৰু চুলিত মাৰ্কাৰিকে ধৰি অন্যান্য গধূৰ ধাতুৰ উপস্থিতি নিৰূপন কৰা আদি বিষয় সন্নিবিষ্ট আছিল ।

দুয়োজন গৱেষকেই মাটি আৰু পশুখাদ্যৰ নমুনাত পি এফ এ এছ ৰ উন্নত বিশ্লেষণো কৰে আৰু এইবোৰ পদাৰ্থৰ পৰিৱেশত দীঘলীয়া সময় উপস্থিতি তথা স্বাস্থ্যৰ ওপৰত সম্ভাৱ্য ক্ষতিকাৰক প্ৰভাৱ পেলোৱাৰ বাবে  সম্ভাৱনা থকা প্ৰদূষক হিচাপে অধ্যয়ন কৰে । ইয়াৰ উপৰিও তেওঁলোকে জীৱদেহত বিষাক্ত পদাৰ্থৰ প্ৰভাৱত সংঘটিত জৈৱ-ৰাসায়নিক পৰিৱর্তন বুজিবলৈ মস্তিষ্কৰ কোষ তথা কলাৰ নমুনা প্ৰস্তুত কৰি মেটাবল’মিক অধ্যয়নো কৰে।

এই কাৰ্যসূচীৰ সময়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক সকলে থাইলেণ্ড আৰু জাম্বিয়াকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ বিজ্ঞানী আৰু গৱেষকসকলৰ সৈতে মত বিনিময়ৰ সুযোগো লাভ কৰে । এই সন্মিলনতে আন্ত: ৰাষ্ট্ৰীয় গৱেষক সকলৰ সৈতে  পৰিৱেশ আৰু টক্সিক’লজিৰ ক্ষেত্ৰত থকা আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহবান সমূহৰ ওপৰত আলোচনা কৰাৰ সুযোগ পায় । ড০ হেমেন শৰ্মাই জনোৱা মতে এনে ধৰণৰ আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতাই উন্নত গৱেষণা দক্ষতা বৃদ্ধি কৰাৰ লগতে আন্ত:ৰাষ্ট্ৰীয়  শৈক্ষিক সহযোগিতা গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আন্ত:ৰাষ্ট্ৰীয় এই অভিজ্ঞতাই বড়োলেণ্ড বিশ্ববিদ্যালয়ত গৱেষণা আৰু প্ৰশিক্ষণৰ মান উন্নত কৰাত সহায় কৰিব ।

************