ৰাইম’না ৰাষ্ট্ৰীয় উদ্যানত বিপন্ন চীনা প্ৰজাতিৰ বনৰৌৰ উপস্থিতিৰ প্ৰমানিক তথ্য সংগ্ৰহ ⦂

ৰাইম’না ৰাষ্ট্ৰীয় উদ্যানত বিপন্ন চীনা প্ৰজাতিৰ বনৰৌৰ উপস্থিতিৰ প্ৰমানিক তথ্য সংগ্ৰহ ⦂
Aaranyak

Aiidesh News  ⦂ 29 November -2024 ⦂ 

অসমৰ ৰাইম′না ৰাষ্ট্ৰীয় উদ্যানত চীনা প্ৰজাতিৰ বনৰৌৰ উপস্থিতি ধৰা পৰিছে ৷ ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বন্যপ্ৰাণী বিশেষজ্ঞ আৰু বন বিভাগৰ লোকে এই বিপন্নপ্ৰায় চীনা প্ৰজাতিৰ বনৰৌৰ প্ৰথম বাৰৰ বাবে আলোকচিত্ৰসহ প্ৰমাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

অসমৰ বন বিভাগৰ কচুগাঁও বন সংমণ্ডলৰ নেতৃত্বত অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু অন্য সংগঠনে চলোৱা অধ্যয়নৰ পাছত আন্তর্জাতিক স্বীকৃতিপ্ৰাপ্ত বৈজ্ঞানিক, সতীৰ্থ বিশেষজ্ঞৰ দ্বাৰা পৰ্যালোচিত "জাৰ্নেল অৱ থ্ৰিটেণ্ড টেক্সা"ত প্ৰকাশিত প্ৰৱন্ধত এই আৱিষ্কাৰৰ বিষয়ে নিশ্চিত কৰা হৈছে । ৰাইম′না ৰাষ্ট্ৰীয় উদ্যানখনৰ পশ্চিম ৰেঞ্জৰ অন্তৰ্গত ৰঙানদী অঞ্চলত স্থাপন কৰা কেমেৰাত ২০২২ চনৰ ৩০ জানুৱাৰী আৰু ২৮ ফেব্ৰুৱাৰীত চীনা প্ৰজাতিৰ বনৰৌৰ তিনিখন ফটো ধৰা পৰিছিল । শাল গছৰ আধিপত্য থকা অৰ্ধপৰ্ণপাতী অৰণ্যৰে পৰিপূৰ্ণ এলেকাৰ এটা শুকান জুৰিত চীনা প্ৰজাতিৰ বনৰৌৰ ফটোকেইখন কেমেৰাত বন্দী হৈছিল ।

প্ৰকাশিত প্ৰৱন্ধৰ মূল লিখক, আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ জীৱবিজ্ঞানী ড০ দীপাংকৰ লহকৰ মতে এই তথ্যই অসম আৰু উত্তৰ-পূব ভাৰতত পোৱা ভাৰতীয় বনৰৌৰ ক্ষেত্ৰত থকা এটা বিভ্ৰান্তি দূৰ কৰিছে ৷ এই নিশ্চত তথ্যই এতিয়া আন্তঃৰাষ্ট্ৰীয় সংগঠন ‘আই ইউ চি এনৰ তথ্য কোষ ৰেডলিষ্টত চীনা বনৰৌৰ বিতৰণৰ মানচিত্ৰখনৰ চূড়ান্ত কৰাতো সহায় কৰিব । আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ এম ফিৰোজ আহমেদ, ভানু সিনহা, প্ৰাঞ্জল তালুকদাৰ, বিশ্বজিৎ বসুমতাৰী, টুনু বসুমতাৰী, ৰামি এইচ বেগম, নিবিড় মেধি, নিতুল কলিতা আৰু অভিষেক হৰিহৰেও এই গৱেষণা প্ৰৱন্ধ প্ৰস্তুত কৰাত সহায় কৰে ।

উল্লেখ্য যে, চাইনিজ পেংগোলিন (Manis pentadactyla) বা চীনা প্ৰজাতিৰ বনৰৌ হৈছে অকলশৰীয়াকৈ থকা, নিশাচৰ আৰু গাঁতত থকা এবিধ স্তন্যপায়ী প্ৰাণী । ইয়াৰ বিচৰণভূমি সন্দৰ্ভত বিশেষ তথ্য উপলব্ধ নহয় । ৰাইম’না ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ভানু সিনহাৰ মতে ৰাইম’না ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সংৰক্ষণ প্ৰচেষ্টাৰ উত্তৰণৰ উদ্দেশ্যে চলি থকা নিৰন্তৰ গৱেষণাৰ অংশ হিচাপে উদ্যানখনত চীনা প্ৰজাতি বনৰৌৰ উপস্থিতিৰ তথ্য পোৱা  গৈছে । এই তথ্যই ৰাইম’না ৰাষ্ট্ৰীয় উদ্যানত সংৰক্ষণৰ উদ্যমক সবল কৰিব আৰু অতি সোনকালে অধিক অনাৱিষ্কৃত তথ্য পোহৰলৈ অহাত কৰাত সহায় কৰিব ।

উল্লেখ যে ভাৰতত দুটা প্ৰজাতিৰ বনৰৌ - ভাৰতীয় বনৰৌ (Manis crassicaudata)  আৰু চীনা বনৰৌ (Manis pentadactyla) পোৱা যায় । বৰ্তমান চীনা বনৰৌ ভাৰত, ভূটান, বাংলাদেশ, নেপাল, ম্যানমাৰ, থাইলেণ্ড, চীন, হংকং, টাইৱান, লাওছ, আৰু ভিয়েটনাম আদি পূব, উত্তৰ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহত পোৱা যায় । ভাৰতত চীনা বনৰৌৰ আৱাসভূমি হিমালয়ৰ পাদদেশ, উত্তৰ আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে সীমাবদ্ধ।

************