খেল' ইণ্ডিয়া জনজাতীয় ক্ৰীড়াৰ মল্লযুঁজ প্ৰতিযোগিতাত বোকাখাতৰ খেলুৱৈৰ পদক লাভ :
Aiidesh News : 3 April - 2026 :
ছত্তীশগড়ৰ জগডালপুৰত আৰু সুৰগুজাৰ ২৫ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা প্ৰথম সংখ্যক 'খেল' ইণ্ডিয়া জনজাতীয় ক্ৰীড়াৰ মল্লযুঁজ প্ৰতিযোগিতাত বোকাখাত মল্লযুঁজ একেডেমীৰ খেলুৱৈসকলে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিছে । সৰগুজাৰ অম্বিকাপুৰত অনুষ্ঠিত মল্লযুঁজ প্ৰতিযোগিতাত অসমৰ হৈ পদক লাভকৰা বোকাখাত মল্লযুঁজ একেডেমীৰ আকাশ কার্দঙে খেল’ ইণ্ডিয়া জনজাতীয় ক্ৰীড়াৰ প্ৰতিযোগিতা মল্লযুঁজ প্ৰতিযোগিতাত ৬৭ কে.জি. শাখাত ব্ৰঞ্জৰ পদক, দেৱী দৈমাৰীয়ে ৬২ কে.জি শাখাত ৰূপৰ পদক আৰু প্রীতিমা খাকলাৰীয়ে ৫৩ কে.জি ইভেন্টত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় । পদক জয়কৰি গৃহ চহৰ বোকাখাতত উপস্থিত হোৱা খেলুৱৈ সকলক বোকাখাতত বিপুল আদৰণি জনোৱা হয় । বোকাখাত নগৰৰ পৰা সমদল কৰি বোকাখাত ষ্টেডিয়ামলৈ আদৰি নিয়াৰ পিচত তিনিও গৰাকীকে ফুলাম গামোছাৰে আদৰণি জনোৱা হয় । অনুষ্ঠানতে মল্লযুঁজৰ মুখ্য প্ৰশিক্ষক অনুষ্টুপ নৰহকো শুভেচ্ছা জনোৱা হয় । গোলাঘাট জিলা মল্লযুজ সন্থাৰ সম্পাদক বিজয় ফুকনেৱআঁত ধৰা এই অভিনন্দন অনুষ্ঠানত বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়া, গোলাঘাট জিলা মল্লযুজ সন্থাৰ সভাপতি নৈতিক বৰগোহাঁই, বিশিষ্ট ক্ৰীড়া সংগঠক বোকাখাতৰ সুবোধ বৰা, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ মহিলা ক্ৰিকেট বিভাগৰ সম্পাদক ৰাজা ৰহমান উপস্থিত থকে ৷
********



