বোকাখাতৰ বিশিষ্ট মহিলা প্ৰয়াত ৰুণু শইকীয়াৰ স্মৃতিচাৰণ সভা  : স্মাৰক গ্ৰন্থ উন্মোচন  :

বোকাখাতৰ বিশিষ্ট মহিলা প্ৰয়াত ৰুণু শইকীয়াৰ স্মৃতিচাৰণ সভা  : স্মাৰক গ্ৰন্থ উন্মোচন  :
Aiidesh photo

বোকাখাতৰ বিশিষ্ট মহিলা প্ৰয়াত ৰুণু শইকীয়াৰ স্মৃতিচাৰণ সভা  : স্মাৰক গ্ৰন্থ উন্মোচন  :

Aiidesh News  :  29th October  : 

মাৰ্ক্সবাদী চিন্তা চৰ্চাৰে '৭০ ৰ দশকৰ পৰাই সমাজ সংস্কাৰ আৰু মহিলা সৱলীকৰণ, অৰ্থনৈতিক উন্নতি, সামাজিক সুৰক্ষাৰ হকে বোকাখাত মহকুমাৰ কুৰুৱাবাহী আৰু বোকাখাতত জীৱনৰ শেষলৈকে সংগ্ৰাম চলাই যোৱা প্ৰয়াত ৰুণু শইকীয়াৰ স্মৃতিচাৰন সভা আৰু স্মাৰক গ্ৰন্থ উন্মোচনী সভা আজি দিনজোৰা কাৰ্যসূচীৰে পুৱতি সাহিত্য সভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । ২০২১ চনৰ ছেপ্টেম্বৰত অতিমাৰী কোভিডত জীৱন হেৰুওৱা ৰুণু শইকীয়াক কোভিড আচৰণ বিধিৰ বাবে এপাহি পূষ্পাঞ্জলিও যাঁচিব পৰা নাছিল বোকাখাতবাসীয়ে । 

আজি ১নং পৰঙণীয়া বোৱা কটা সমবায় সমিতিৰ উদ্যোগত , বোকাখাত মহিলা আয়োগৰ সহযোগত প্ৰয়াত ৰুণু শইকীয়াৰ এই স্মৃতিচাৰণ আৰু স্মাৰক গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰে । আজিৰ অনুষ্ঠানৰ পুৱা ৰুণু শইকীয়াৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, জেষ্ঠ নাগৰিক সন্থাৰ সভাপতি চৈয়দ আনিচুৰ ৰহমান, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চনাৰ সন্থাৰ সভাপতি মনোৰঞ্জন সেন আৰু জেষ্ঠ নাগৰিক ৰঞ্জিত বৰুৱাই । বোকাখাতৰ জেষ্ঠ মহিলা ভানু বৰুৱা, কল্পনা চেতিয়া, দীপালী হাজৰিকা আৰু হিৰণ বৰাই স্মৃতি তৰ্পণ কৰে । লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় সম্পাদিকা গীতাঞ্জলি কলিতাই আতঁ ধৰা এই স্মৃতিচাৰন সভা উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই । 

গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত স্মৃতি গ্ৰন্থ উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈয়ে । অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষন প্ৰদান কৰে ফৰকাটিং কলেজৰ জ্যেষ্ঠ প্ৰৱক্তা ড° অজন্তা ৰাজখোৱাই । অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি  জিতু শৰ্মা ৰাজখোৱা, কবি সাংবাদিক অমৰ শৰ্মা, সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নীলিমা ৰাজখোৱা, স্মৃতি গ্ৰন্থৰ সম্পাদিকা নিজৰা বৰঠাকুৰ আৰু গ্ৰাছ নামৰ সংগঠনৰ সভাপতি অংকুৰ বৰঠাকুৰ আদি বিশিষ্ট ব্যক্তি সকলে প্ৰয়াত ৰুণু শইকীয়াৰ অৱদান, সাহসিকতা, সামাজিক দায়বদ্ধতা আদিৰ ওপৰত বক্তব্য আগবঢ়ায় । 

অনুষ্ঠানত গোলাঘাট জিলাৰ বিভিন্ন বোৱাকটা সমবায় সমিতিৰ প্ৰতিনিধি উপস্থিত থাকে । সভাৰ আৰম্ভনিতে সংগীতা ৰাজখোৱাই বৰগীত পৰিবেশন কৰে । অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি সকলক প্ৰয়াত ৰুণু শইকীয়াৰ পৰিয়ালৰ তৰফৰ পৰা ফুলাম গামোছাৰে আদৰনি জনোৱা হয় ।

*******