ডিক্ৰঙত গা ধুবলৈ গৈ মেধাৱী ছাত্ৰৰ সলিল সমাধি

ডিক্ৰঙত গা ধুবলৈ গৈ মেধাৱী ছাত্ৰৰ সলিল সমাধি
Student Drowned in the River

প্ৰতিবেদক,এইদেশ বিহপুৰীয়ঃ বিহুৰ দিনাই এক দুঃসংবাদে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিলে বিহপুৰীয়াত ৷ বন্ধুৰ সৈতে পুৱাই ডিক্ৰং নদীত গা ধুবলৈ গৈ মৃত্যুক সাৱটি ল’লে বিহপুৰীয়াৰ আমগুৰি গোসাঁইচুক গাঁৱৰ নয়নজ্যোতি বৰা(21)ই ৷ লক ডাউনৰ ইমানকেইটা দিন ঘৰতে থকা নয়নজ্যোতি আজি বিহু বুলি সমনীয়াৰ লগত ডিক্ৰং নদীত গা ধুবলৈ ওলাই গৈছিল ৷ ১৯টা দিনে গৃহবন্দী হৈ থাকি আজি সময়নীয়াৰ লগ পাই অকণমান আনন্দ কৰোঁ বুলি ভবাই যেন কাল হ’ল নয়নজ্যোতিৰ।

সময়নীয়াৰ লগত আনন্দ স্ফুৰ্তি কৰি কিছু সময় গা ধুই থকাৰ মাজতেই নোহোৱা হৈ পৰিল নয়নজ্যোতি। ডিক্ৰঙৰ কোবাল সোঁতে উটুৱাই লৈ যায় নয়নজ্যোতিক। নদীৰ পকনীয়াত পৰি গভীৰতাত সোমাই পৰে নয়নজ্যোতি৷ ইয়াৰ পিছতে হুৱাদুৱা লাগে । ওচৰতে থকা দুজন মানুহক মাতি মাতি অৱশ হৈ পৰি তেওঁলোকেই নয়নজ্যোতিক উদ্বাৰৰ বাবে বহুত চেষ্টা কৰে । কিন্তু তেওঁলোকৰ সকলো চেষ্টাই বিফল হ’ল, উদ্ধাৰ কৰিব নোৱাৰিলে নয়নজ্যোতিক ৷ মাধৱদেৱ বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়নৰত নয়নজ্যোতিক উদ্ধাৰ কৰিব নোৱাৰি সমনীয়াই স্থানীয় লোকক লোকক খবৰ দিয়াৰ পিছত ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ বহু সময় উদ্ধাৰ অভিযান চলোৱাৰ অন্তত নয়নজ্যোতি উদ্ধাৰ হ’ল যদিও কিন্তু তেতিয়ালৈ নয়নজ্যোতিয়ে শেষ নিশ্বাস ত্যাগ কৰিলে ৷ মেধাবী ছাত্ৰ গৰাকীক হেৰুৱাই সম্প্ৰতি ডিক্ৰঙৰ পাৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে৷