শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত জিলা শাখাৰ উদ্যোগত সাহিত্য কৰ্মশালা আৰু সভাপতি-সম্পাদক সন্মিলন : গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত :

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত জিলা শাখাৰ উদ্যোগত  সাহিত্য কৰ্মশালা আৰু সভাপতি-সম্পাদক সন্মিলন :  গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত :
Aiidesh Photo

Aiidesh News  : 19 August - 2025  : 

উত্তৰ পূব ভাৰতৰ অন্যতম ধৰ্মীয়, সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু সাহিত্যৰ অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ উদ্যোগত যোৱা ১৭ আগষ্টত সঙ্ঘৰ বোকাখাতত সাহিত্য কৰ্মশালা আৰু সঙ্ঘৰ সভাপতি-সম্পাদক সন্মিলন অনুষ্ঠিত কৰে ৷ বোকাখাত জিলা শাখাৰ নামঘৰত সাহিত্য শাখা সমিতিৰ সভাপতি ৰেখা বৰাৰ সভাপতিত্বত অনুষ্ঠিত আৰু শাখাৰ সম্পাদক সুৰজিৎ বৰিয়ে আঁত ধৰা কৰ্মশালা আৰু সভাপতি-সম্পাদক সন্মিলন উদ্বোধন কৰে জিলা শাখাৰ সম্পাদক ধৰ্মেশ্বৰ প্ৰদীপ হাজৰিকাই৷ 

সাহিত্য কৰ্মশালাৰ কবিতা আবৃত্তি সম্পৰ্কত সমল ব্যক্তি হিচাবে আবৃত্তি ৰত্ন তথা কমাৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক ড৹ গায়ত্ৰী বৰা কাকতিয়ে আবৃত্তিৰ বিভিন্ন কলা সম্পৰ্কত উপস্থিত শিশু, যুৱ আৰু আই-মাতৃসৱক ব্যাখ্য দাঙি ধৰে ৷ আন এগৰাকী সমল ব্যক্তি মিনাক্ষী গগৈয়ে বক্তৃতা আৰু আন আন দিশত লগতে সভা-সমিতিত কেনেকৈ বক্তৃতা প্ৰদান কৰিব লাগে সেই সম্পৰ্কে ব্যাখা দাঙি ধৰে ৷ সাহিত্য শাখাৰ সভাপতি-সম্পাদক সন্মিলনত মূল সঙ্ঘৰ কেন্দ্ৰীয় পুথিভঁৰালৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকাই সাহিত্য দিশত মূল সাহিত্য শাখাই গ্ৰহণ কৰা কাৰ্যসূচী ৰূপায়নৰ লগতে জিলা শাখাই নিজাববীয়াকৈ উদ্ভাৱনীমুলক কামকাজ গ্ৰহণ কৰি জিলা শাখাক আগুৱাই নিয়াৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে শাখা সমিতি আৰু উপস্থিত সকলোকে আহ্বান জনায় ৷ সভাপতি-সম্পাদক সন্মিলনতে ৬ খন আঞ্চলিক শাখাৰ পৰা একোখনকৈ গ্ৰন্থৰ লগতে জিলা শাখাৰ মুখপত্ৰ "প্ৰণিপাত" খন প্ৰকাশৰো সিদ্ধান্ত গ্ৰহণ কৰে ৷ সাহিত্য কৰ্মশালা আৰু সভাপতি-সম্পাদক সন্মিলনত জিলা শাখাৰ অন্তৰ্গত ৬ খন আঞ্চলিক শাখাৰ প্ৰায় ডেৰ শতাধিক শিশু, যুৱ আৰু আই-মাতৃ উপস্থিত থকাৰ লগতে জিলা শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

**********