মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ পেট্র’কেমিকেলছ লিমিটেডৰ ২৫ লাখ টকা

মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ পেট্র’কেমিকেলছ লিমিটেডৰ ২৫ লাখ টকা
Image Courtesy :jagranjosh.com

কভিড-১৯এ সৃষ্টি কৰা জটিল পৰিস্থিতিৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ অসম পেট্র’কেমিকেলছ লিমিটেডে আজি ২৫ লাখ টকাৰ বৰঙনি আগবঢ়ায়৷ তদুপৰি কোম্পানীটোৰ বিষয়া-কর্মচাৰীৰ এদিনৰ দৰমহা পাঁচ লাখ ৩৬ হাজাৰ টকা মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ বৰঙনি হিচাপে আগবঢ়ায়৷

এই ধনৰাশিৰ চে’ক মুখ্যমন্ত্রীক প্রদান কৰাৰ সময়ত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, অসম পেট্র’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিপুল ডেকা, উদ্যোগ বিভাগৰ আয়ুক্ত সচিব কে কে দ্বিবেদী, অসম পেট্র’কেমিকেলছ লিমিটেডৰ পৰিচালন সঞ্চালক অতুল বর্মন, কোম্পানীটোৰ সচিব উত্তম বাইলুং উপস্থিত থাকে৷ আনহাতে প্রজাপিতা ব্রহ্ম কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে কালি মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ দুই লাখ পঞ্চাশ হাজাৰ টকাৰ বৰঙনি আগবঢ়ায়৷