বোকাখাতৰ মহকুমাধিপতি হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া চিমি কৰণৰ দায়িত্বভাৰ গ্ৰহণ :

বোকাখাতৰ মহকুমাধিপতি হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া চিমি কৰণৰ দায়িত্বভাৰ গ্ৰহণ :

বোকাখাতৰ মহকুমাধিপতি হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া চিমি কৰণৰ দায়িত্বভাৰ গ্ৰহণ :  

Aiidesh News  : 2 August  2023  : 

বোকাখাত মহকুমাৰ মহকুমাধিপতি হিচাপে ২ আগষ্টত দায়ীত্বভাৰ গ্ৰহন কৰিছে ২০২০ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া চিমি কৰণে । ২ আগষ্টৰ বিয়লি নৱনিযুক্ত মহকুমাধিপতি চিমি কৰণে  ভাৰপ্ৰাপ্ত মহকুমাধিপতি বোকাখাতৰ চক্ৰ বিষয়া সৌভিক দত্তৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে । এই উপলক্ষে মহকুমাধিপতি কাৰ্য্যালয়ত  মহকুমা প্ৰশাসনৰ বিষয়া কর্মচাৰী সকলে নৱনিযুক্ত মহকুমাধিপতি গৰাকীক আদৰণি জনায় । উল্লেখ্য যে বোকাখাত নৱনিযুক্ত মহকুমাধিপতি চিমি কৰণে ইয়াৰ পূৰ্বে উত্তৰ শালমাৰাৰ মহকুমাধিপতি হিচাপে কৰ্মৰত আছিল । পুৰ্বৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত জিলা আয়ুক্ত ডা৹ নেহা যাদৱক বোকাখাতৰ পৰা বিশ্বনাথ চাৰি আলিলৈ বদলি কৰাৰ পিচত বোকাখাত মহকুমাত চিমি কৰণক নিযুক্তি প্ৰদান কৰা হয় ৷

ভিল্লাইৰ নিৱাসী চিমি কৰণে ভিল্লাইৰ দিল্লী পাব্লিকস্কুলৰ পৰা স্কুলীয়া জীৱন আৰম্ভ কৰি  বুম্বাই আই আই টিৰ পৰা ইলেকেটিকেল ইঞ্জীনিয়াৰিংৰ অভিযনেতা হিচাবে উতীৰ্ণ হৈ ২০২০ চনত ভাৰতীয় অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত হয় ৷

********