বোকাখাতত নগৰত চাঞ্চল্যকৰ ডকাইতি : বন্দুক দেখুৱাই আক্ৰমন :

বোকাখাতত নগৰত চাঞ্চল্যকৰ ডকাইতি : বন্দুক দেখুৱাই আক্ৰমন :
Aiidesh Photo

Aiidesh News : 01 April - 2026 :

বোকাখাত নগৰত ৩১ মাৰ্চৰ সন্ধিয়া সংঘটিত হোৱা এক ডকাইতি ঘটনাই নগৰখনত আতংকৰ সৃষ্টি কৰে । নিশাটোৰ বাবে উত্তেজনাৰো সৃষ্টি কৰে । জানিব পৰা মতে নগৰখনৰ বোকাখাত শংকৰদেৱ শিশু নিকেতনলৈ যোৱা পথত সংঘটিত হয় এই ডকাইতিৰ কাণ্ড । বোকাখাত ডিফলু পথৰ নিউ জুৱেলাৰীৰ স্বত্বাধিকাৰ বৰুণ দাসে সন্ধিয়া প্রায় ৮ মান বজাত দোকান বন্ধ কৰি বোকাখাত সেউজীপাৰৰ নিজা ঘৰলৈ বুলি মটৰচাইকেলেৰে গৈ থকা অৱস্থাতে পিচফালৰ পৰা অন্য দুখন মটৰচাইকেলত অহা পাঁচজনীয়া ডকাইতৰ দল এটাই বৰুণ দাসক ৰ'ডেৰে মূৰত আঘাত কৰি ডিঙিৰ চেইন আৰু দোকানৰ সোণ - ৰূপৰ আ-অলংকাৰ ভৰাই নিয়া মোনাৰ লগতে লগত থকা নগদ ধনো কাঢ়ি লৈ যায় । আক্ৰমনৰ সময়ত ডকাইটৰ দলটোয়ে পিষ্টল দেখুৱাই বুলিও বৰুণ দাসে জনায় । সেই সময়ত অলংকাৰৰ উপৰিও তেওঁৰ হাতত নগদ ১৫ হেজাৰ টকাও আছিল আৰু সকলোবোৰ ডকাইটৰ দলটোয়ে কাঢ়ি লৈ যায় বুলি তেওঁ জানিবলৈ দিয়ে । ডকাইতৰ দলটোৱে মূৰত আঘাত কৰাত বৰুণ দাস বাইকসহ মাটিত ঢলি পৰে। বৰুণ দাসে চিঞৰ-বাখৰ কৰাত ডকাইতৰ দলটোৱে ঘটনাস্থলীৰ পৰা শংকৰদেৱ শিশু নিকেতন হৈ বোকাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পিচফালৰ পথেদি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উধাও হয় বুলি স্থানীয় লোকে জনায় । মূৰত ৰ'ডেৰে আঘাত কৰাৰ সময়ত নিজক ৰক্ষা কৰিবলৈ বৰুণ দাসে কৰা চেষ্টাত তেওঁৰ সোঁ হাততো আঘাত পায় । ঘটনাৰ সম্পৰ্কত বোকাখাত আৰক্ষীয়ে অনুসন্ধান চলাইছে যদিও ডকাইতৰ কোনোধৰণৰ সন্ধান লাভ কৰা নাই।

*********