উচ্চ ন্যায়লয়ৰ নিৰ্দেশত বেদখল মুক্ত হোৱা কলিয়াবৰ মহকুমাৰ বান্দৰডুবি অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতত অৰ্পণ :

উচ্চ ন্যায়লয়ৰ নিৰ্দেশত বেদখল মুক্ত হোৱা কলিয়াবৰ মহকুমাৰ বান্দৰডুবি অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতত অৰ্পণ  :
Photo : Uttam Saikia
উচ্চ ন্যায়লয়ৰ নিৰ্দেশত বেদখল মুক্ত হোৱা কলিয়াবৰ মহকুমাৰ বান্দৰডুবি অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতত অৰ্পণ  :

উচ্চ ন্যায়লয়ৰ নিৰ্দেশত বেদখল মুক্ত হোৱা কলিয়াবৰ মহকুমাৰ বান্দৰডুবি অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতত অৰ্পণ  : 


AIIDESH.NEWS : 15 May :


বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সপ্তম সংযোজন হিচাবে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ সৈতে সংযােজিত হ'ল কলিয়াবৰ মহকুমাৰ ৩১৩ হেক্টৰ পৰিসৰৰ বান্দৰডুবি দেওচূৰ এলেকা । বৃহস্পতি বাৰৰ দিনা ৰাজহ বিভাগে আনুষ্ঠানিকভাৱে এই এলেকা কাজিৰঙাৰ কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে ৷ ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিনে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ বাগৰি বনাঞ্চলৰ বান্দৰডুবি এলেকাৰ ৩১৩ হেক্টৰ ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভূক্ত হয় ৷ বৃহস্পতি বাৰৰ দিনা কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত আয়োজিত এক বিশেষ বৈঠকত কলিয়াবৰৰ ৰাজহ বিভাগে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈৰ হাতত বান্দৰডুবি আৰু দেওচূৰ এলেকাৰ নথি পত্ৰ আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে ৷ কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ কার্যালয়ত   আয়োজিত এই বৈঠকত  প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ , কাজিৰঙাৰ সঞ্চালক পি শিবকুমাৰ , কলিয়াবৰ মহকুমাধিপতি বিতোপন নেওঁগ, কাজিৰঙাৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈ আৰু কলিয়াবৰৰ ৰাজহ চক্ৰ বিষয়া ডিউটিভা বৰাও উপস্থিত থাকে ৷ উল্লেখ্য যে চাৰি বছৰৰ পূর্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নির্দেশ যোগে কলিয়াবৰ ৰাজহ চক্ৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাত থকা বান্দৰডুবিৰ ২৯৭ হেক্টৰ আৰু দেওচূৰৰ ১৬ হেক্টৰ ভূমিত উচ্ছেদ অভিযান চলাবলৈ নিৰ্দেশ দিছিল ৷ যাৰ বাবে এই এলেকাত উচ্ছেদ অভিযান চলিছিল ৷ এই অভিযানত বেদখলকাৰীৰ সৈতে হোৱা সংঘৰ্ষত আৰক্ষী গুলীত দুজন লোকেৰ মৃত্যুও হৈছিল । এই উচ্ছেদ অভিযানৰ চাৰি বছৰৰ পাচত এই বেদখল মুক্ত কৰা ভুমি ৰাজহ বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষক এতিয়া অৰ্পণ কৰে ৷ বিগত সময়চোৱাত এই উচ্ছেদিত ভূমিত কিছু লােকে খেতি কৰি পুনৰ বেদখল কৰাৰ চেষ্টাও চলাইছিল ৷  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ একান্ত প্ৰচেষ্টাত উচ্ছেদিত ভূমিত নতুনকৈ আৰম্ভ কৰা বেদখল জে চি বি লগাই পুনৰ উচ্ছেদ কৰি সীমা চিহ্নিত কৰাৰ লগতে বনকৰ্মীয়ে  তহল দিব পৰাকৈ সীমান্ত পথো নিৰ্মান কৰে ৷ সঞ্চালক  গৰাকীৰ এনে কাৰ্যৰ বাবেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সপ্তম সংযোজন হিচাবে বান্দৰডুবি আৰু দেওচূৰ অঞ্চলৰ ভূমি সংযোজিত হয় । কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ মতে উচ্ছেদিত এই বান্দৰ ডুবিৰ এই সপ্তম সংযোজন এলেকা ইতিমধ্যেই গঁড়, হাতী, পহু, ম'হ আদি বন্যপ্রাণীৰ আৱাস হৈ পৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্রাণী ৰ আশ্ৰয়ৰ বাবে চলিত বৰ্ষত এই এলেকাত নতুনকৈ দুটা হাইলেণ্ড নির্মাণ কৰা হ'ব বুলিও সঞ্চালক গৰাকীয়ে জনায় । বান্দৰ ডুবি অঞ্চলত হোৱা বন্যপ্ৰাণী আগমনৰ বাবে অঞ্চলটোক পর্যটক বাবে মুকলি কৰাৰ পৰিকল্পনা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ ইয়াৰ বাবে অঞ্চলটোৰ আন্ত:গাঠনি নিৰ্মানৰ কামো আৰম্ভ কৰিছে ৷ সকলো ঠিকে থাকিলে আগন্তুক পৰ্যটন বৰ্ষত কাজিৰঙাৰ পৰ্যটন মানচিত্ৰত বান্দৰডুবি অন্তৰ্ভূক্ত হ'ব ৷