নুমলীগড় শোধনাগাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল : শোধনাগাৰ সম্প্ৰসাৰণ আৰু জৈৱ ইন্ধন শোধনাগাৰ প্ৰকল্প পৰিদৰ্শন : ৰাজ্যৰ কৃষি অর্থনীতি বিকাশৰ নেতৃত্ব বহন কৰিবলৈ নুমলীগড় শোধনাগাৰক আহ্বান মুখ্যমন্ত্ৰীৰ :

Photo : Uttam Saikia

AIIDESH NEWS : 13 May :

বানপানীত কাজিৰঙাৰ ব্যৱস্থাৱলীৰ বুজ লোৱাৰ পাচত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে  আজি নুমলীগড় শোধনাগাৰৰ মুখ্য কার্যালয়ত নুমলীগড় শোধনাগাৰ সম্প্রসাৰণ প্রকল্প আৰু জৈৱ ইন্ধন শোধনাগাৰ প্ৰকল্পৰ কাম পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত ৰাজ্যখনৰ কৃষিভিত্তিক অর্থনীতিৰ প্ৰসাৰৰ ক্ষেত্ৰত এক সক্রিয় ভূমিকা ল'বলৈ তথা স্থানীয় যুৱক-যুৱতীসকলৰ দক্ষতা উন্নয়নৰ ক্ষেত্ৰত প্ৰয়ােজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে নুমলীগড় শোধনাগাৰ কর্তৃপক্ষক আহ্বান জনায় । পৰিদৰ্শন কালত আয়োজিত প্ৰেছ মেলত মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালে কয় যে নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্রকল্প তথা জৈৱ ইন্ধন প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনৰ অর্থনীতিলৈ বহুখিনি আশা কঢ়িয়াই আনিছে । অৱশ্যে প্রতিষ্ঠানটোয়ে ইয়াৰ দক্ষতাৰ পাৰম্পৰিক ক্ষেত্ৰসমূহৰ পৰা ওলাই আহি ৰাজ্যৰ কৃষি অর্থনীতিৰ প্ৰসাৰতো গুৰুত্ব আৰােপ কৰাৰ প্ৰয়োজন বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে । বাঁহক বর্তমান কৃষিজাত সামগ্ৰীৰ আওতালৈ অনা হৈছে আৰু এই ক্ষেত্ৰত নুমলীগড় শোধনাগাৰৰ বাঁহ ভিত্তিক ইথানল প্ৰকল্পই এক ডাঙৰ সুযােগ কঢ়িয়াই আনিব আৰু এই ক্ষেত্ৰত চৰকাৰৰ নতুন বাঁহ বেতৰ নীতিয়ে শোধনাগাৰটোৰ লগতে স্থানীয় কৃষক সকলক যথেষ্ট সহায় কৰিব বুলিও মন্তব্য কৰে  । নুমলীগড় শোধনাগাৰে ৰাজ্যখনৰ থলুৱা অর্থনীতিৰ উত্থানৰ দিশত, বিশেষকৈ লক ডাউনৰ সময়ছােৱাত ক্ষতিগ্রস্ত হােৱা ৰাজ্যৰ উদ্যান শস্যত জড়িত কৃষক সকলক সকাহ দিয়াৰ ক্ষেত্ৰতাে বিশেষ ভূমিকা গ্রহণ কৰা উচিত । দক্ষ মানৱ সম্পদৰ প্রয়ােজনীয়তাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত স্থানীয় যুৱক যুৱতীসকলৰ দক্ষতা উন্নয়নৰ বাবে প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নুমলীগড় শোধনাগাৰ কর্তৃপক্ষক আহ্বান জনায় । ক’ভিড-১৯ ৰ সংক্রমণ ৰােধৰ ক্ষেত্ৰত নুমলীগড় শোধনাগাৰে গ্ৰহণ কৰা ব্যৱস্থা ৰাজিৰ প্রশংসা কৰি মুখ্যমন্ত্ৰীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ আদৰ্শৰে পৰিচালিত হৈ ৰাজ্য চৰকাৰেও ন’ভেল কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে অধিক সক্রিয়তা গ্ৰহনৰ লগতে  ৰাজ্যৰ অর্থনীতি শক্তিশালী কৰাৰ বাবেও কাম কৰিছে বুলি কয় ৷ এই ক্ষেত্ৰত চেনিটাইজেশন কার্যসূচী অব্যাহত ৰখাৰ উপৰিও যিকোনাে জৰুৰীকালীন পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ চিকিৎসালয়ত প্রয়ােজনীয় সকলাে সা-সঁজুলি মজুত ৰাখিবলৈ নুমলীগড় শােধনাগাৰ কর্তৃপক্ষক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় । লক ডাউনৰ সময়ত নুমলীগড় শোধনাগাৰ কর্তৃপক্ষই শোধনাগাৰৰ কৰ্মী সকলক নিয়মীয়াকৈ দৰমহা প্রদানৰ বাবে প্রতিমাহে ১.২০ কোটি টকা ব্যয় কৰা আৰু প্রব্রজিত শ্ৰমিকৰ বাবে আশ্রয়ৰ ব্যৱস্থা কৰা কাৰ্যক মুখ্যমন্ত্ৰীয়ে ভূয়সী প্রশংসা কৰে ।
আজিৰ পৰিদৰ্শন কালত নুমলীগড় শোধনাগাৰক প্রয়ােজনীয় সহযােগিতা আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আশ্বাস প্রদান কৰে । মুখ্যমন্ত্ৰী গৰাকীৰ আজিৰ এই নুমলীগড় শোধনাগাৰ পৰিদৰ্শনৰ সময়ত কৃষিমন্ত্রী অতুল বৰা, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক ক্রমে মৃণাল শইকীয়া, ৰােজলীনা তির্কী আৰু বিমল বৰা, গােলাঘাট জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক, গড়কাপ্টানি আৰু বন বিভাগৰ জিলা পর্যায়ৰ বিষয়াসকলৰ লগতে অন্যান্য শীর্ষ বিষয়ববীয়াসকল উপস্থিত থাকে ৷