বোকাখাতত জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উদযাপন : অগপৰ জাতীয় স্বাভিমান দিৱস, বিজেপিৰ ৰক্তদান শিৱিৰৰ উপৰিও বোকাখাত সমজিলা প্রশাসন, জাতীয় দল-সংগঠন বিশেষ অনুষ্ঠান :
Aiidesh News : 19 November - 2025 :
সমগ্ৰ ৰাজ্যৰ লগতে ১৮ নবেম্বৰত বোকাখাততো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিৱস বিভিন্ন দল সংগঠনে নানান কাৰ্যসুচীৰে উদযাপন কৰে । অসম গণ পৰিষদৰ বোকাখাত সমষ্টি সমিতিৰ উদ্যোগত ১৮ নৱেম্বৰত বোকাখাতত থকা দলটোৰ কাৰ্যালয়ত সংগীতৰ ৰাজপুত্র জুবিন গাৰ্গৰ জন্ম দিনটো জাতীয় স্বাভিমান দিৱস ৰূপে পালন কৰে । অসম গন পৰিষদৰ বোকাখাত সমষ্টিৰ সভাপতি জগত কলিতাৰ পৌৰহিত্যত আয়োজিত জাতীয় স্বাভিমান দিৱসৰ বিশেষ অনুষ্ঠনাত বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি, অৱসৰ প্ৰাপ্ত প্ৰব্যক্তা গোপিকানন্দ শইকীয়াই জুবিন গাৰ্গ জীৱন আৰু শিল্প কৰ্মৰ ওপৰত বিশ্লেষাত্মক আলোচনা আৰু অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাও বক্তব্য ৰাখি কাজিৰঙাৰ প্ৰস্তাৱিত এলিভেটেড কৰিডৰ জুবিন গাৰ্গৰ নামত নমাকৰণ কৰিবৰ বাবে আৰু জুবিন গাৰ্গক ভাৰত ৰত্ন বঁটা প্ৰদানৰ বাবে প্ৰস্তাৱ গ্ৰহন কৰিবৰ বাবে আহ্বান জনায় ।
এই অনুষ্ঠানতে বোকাখাত সাহিত্য সংস্কৃতি আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ বাবে অৱসৰ প্ৰাপ্ত প্ৰৱক্তা গোপিকানন্দ শইকীয়া, কমাৰগাওঁৰ বিশিষ্ট শিক্ষাবিদ মহেন শইকীয়া, সাহিত্যিক কল্পনা চেতিয়া, সুৱৰ্ণ শইকীয়া বৰদলৈ, কাজিৰঙাৰ তৰুণ ৰাজখোৱা, মহুৰামুখৰ সুৰেণ বৰি, বাদুলীপাৰৰ দিপাংকৰ বৰুৱা আৰু বোকাখাতৰ ড০ বাবুলাল মোৰক কিতাপৰ বন্ধু আৰু অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান লাভ কৰা বোকাখাত পৰিৱেশ কৰ্মী উত্তম শইকীয়া, কাজিৰঙাৰ মনোজ গগৈ,পক্ষী নিৰীক্ষক আবিদুৰ ৰহমান, পখিলা বিশেষজ্ঞ মনচুন জ্যোতি গগৈ, বোকাখাতৰ মধুস্মিতা গগৈ, কাজিৰঙাৰ মনোজ গগৈ, কোষেশ্বৰ নাথ, বোকাখাতৰ আৰিফ হোছেইন, কমাৰ গাওঁৰ ডিম্পল ঢেকীয়াল ফুকন আৰু মহুৰামুখৰ বদন দাস আৰু পানীদিহিঙীয়াৰ প্ৰসান্ত বৰবৰাক প্রকৃতিৰ বন্ধু হিচাপে সম্বর্ধনা জনোৱা হয় ।
বোকাখাতৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদৰ মুকলি মঞ্চত ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলা সমিতি আৰু অসম গন পৰিষদৰ যৌথ উদ্যোগত ৰক্তদান শিৱিৰ অনুষ্ঠিত হয় । অন্যহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিৰ উদ্যোগত জুবিনৰ জন্মদিনৰ দিনা শতাধিক মটৰ চাইকেলেৰে সমদল উলিয়াই শিল্পী গৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি জনসাধাৰণৰ মাজত বিভিন্ন শ্ল’গানেৰে প্ৰচাৰ চলায় ।
উল্লেখ্য যে বোকাখাতৰ প্ৰাক্তন বিধায়ক তথা নিৰ্মান গোট নামৰ বেচৰকাৰী সংগঠনৰ সভাপতি জিতেন গগৈৰ নেতৃত্বত বোকাখাতৰ ৰাষ্ট্ৰীয় পথৰ কাষত নিৰ্মাণ কৰা জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তিটোৰ উন্মোচন কাৰ্য বাতিল কৰে আয়োজক সকলে । জুবিন গাৰ্গৰ পৰিবাৰ গৰিমা গাৰ্গ উপস্থিত থাকিব নোৱৰাৰ বাবে আজিৰ প্ৰতিমুৰ্তি উন্মোচন বাতিল কৰিছে বুলি জানিব পৰা গৈছে । জিতেন গগৈয়ে জনোৱা মতে গৰিমা গাৰ্গৰ স্বাস্থ্যৰ উন্নতি হ'লে তেখেতে আহি নিজ হাতে জুবিনৰ প্ৰতিমূৰ্ত্তিটো উন্মোচন কৰিবহি । ১৮ নৱেম্বৰত "জুবিন তীৰ্থ" মুকলি কৰে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে । প্ৰতিমুৰ্তি স্থাপন স্থানতে থকা বোকাখাতৰ ঔদ্যোগিক প্ৰশিক্ষন প্ৰতিষ্ঠানৰ প্ৰৱেশদ্বাৰ সুধাকন্ঠ ড০ ভূপেন হাজৰিকা আৰু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ গণশিল্পী জুবিন গাৰ্গ"ৰ সোঁৱৰণত উচৰ্গা কৰি উন্মোচন কৰে ড০ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকা, জুবিন গাৰ্গৰ খুড়াক মনোজ বৰঠাকুৰ, শিল্পী সন্ধ্যা মেনন, জ্যোতিময় দেৱনাথ,খঞ্জন নাথ, ৰমেন দত্ত, স্বপন নাথ, আৰু শোভা হাজৰিকাই ।
একেদৰে বোকাখাত সমজিলা প্রশাসন, জাতীয় দল-সংগঠন আৰু বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ সহযোগত ১৮ নৱেম্বৰত বোকাখাত জিলা ক্রীড়া সন্থাৰ খেলপথাৰ বাকৰিত বিয়লি হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উদযাপন কৰা হয় । এই উদযাপনৰ লগত সংগতি ৰাখি পুৱা বোকাখাত নাট্যমন্দিৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বস্তি প্রজ্বলন কৰি সমবেত সংকৰা হয় । বোকাখাতৰ লোকনির্মাণ বিভাগৰ আৱৰ্ত্ত ভৱন চৌহদত থকা শতবৰ্ষীয়া বৃক্ষত অর্কিড সংস্থাপন কৰি বিভিন্ন স্থানত নাহৰ পুলি ৰোপন কৰা হয় । বিয়লি বোকাখাত জিলা ক্রীড়া সন্থাৰ খেলপথাৰৰ বাকৰিত আয়োজিত অনুষ্ঠানত হিয়াৰ আমঠু সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনত মায়াবিনী শীর্ষক গীতৰ সমুহীয়া পৰিৱেশন, বন্তি প্রজ্বলন, সমবেত সংগীত আৰু জুবিন গাৰ্গৰ গীত পৰিৱেশন জন্মদিনৰ কেক কাটি উদযাপন কৰা হয় ।
**********







