জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বোকাখাতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গন স্বাক্ষৰ কাৰ্যসুচী : মহিলা সংগঠনৰ বিক্ষোভ :

Aiidesh News : 17 November - 2025 : 

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ক্ন্দ্ৰীয় সমিতিৰ আহ্বান ক্ৰমে আজি সংগঠনটোৰ বোকাখাত জিলা সমিতিৰ উদ্যোগত বোকাখাত নগৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গণস্বাক্ষৰ কাৰ্য্যসূচী ৰূপায়ন কৰে । বোকাখাত নগৰৰ মাজত অনুষ্ঠিত এই কাৰ্যসুচী আনুষ্ঠানিকভাৱে উন্মোচন কৰে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি জেষ্ঠ সাংবাদিক বুবুল দত্তই । উন্মোচনী অনুষ্ঠানত বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক নীলু আচাৰ্য্য, বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নীলোৎপল খাউণ্ড, বোকাখাত জিলা সমিতিৰ সভাপতি হেমন্ত বৰা, সাধাৰণ সম্পাদক প্ৰাঞ্জল ভৰালী আৰু উপদেষ্টা বিপুল বৰাৰ উপৰিও সংগঠনটোৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে । দিনজোৰা এই কাৰ্যসুচীত সহস্ৰাধিক লোকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত স্বাক্ষৰ প্ৰদান কৰে । সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নীলোৎপল খাউণ্ডে জনোৱা মতে জুবিন গাৰ্গৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ১৮ নৱেম্বৰত বোকাখাতত জুবিন গাৰ্গৰ মৃত্যুৰ  ন্যায়ৰ বিচাৰি মটৰচাইকেল ৰেলী কৰিব বুলি জানিবলৈ দিয়ে ।

অন্যহাতে শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি বোকাখাত সমজিলা সমূহ মহিলা সংগঠনে আজি বোকাখাত নগৰৰ মাজ মজিয়াত বিক্ষোভ কাৰ্যসুচী ৰূপায়ন কৰে । শতাধিক মহিলাই নগৰৰ মাজতে সমবেত হৈ আৰু বোকাখাতবাসী ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী অৱস্থান কৰি বিক্ষোভ প্ৰদৰ্শন কৰে । বিক্ষোভ থলীত বিশিষ্ট সাহিত্যিক নিজৰা বৰঠাকুৰ, ডিফলু পৰীয়া সাহিত্য সভাৰ সভাপতি মনতি দলে, মমতা গগৈৰ উপৰিও একাধিক মহিলা সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰে । 

***********