বোকাখাতৰ পৰা অতি বিৰল প্ৰজাতিৰ চান্না বাৰ্কা মাছ লৈ যোৱা এজন লোকক জখলাবন্ধাত কৰায়ত্ব : ১১ টা চান্না বাৰ্কা মাছ উদ্ধাৰ :

বোকাখাতৰ পৰা অতি বিৰল প্ৰজাতিৰ চান্না বাৰ্কা মাছ লৈ যোৱা এজন লোকক জখলাবন্ধাত কৰায়ত্ব  : ১১ টা চান্না বাৰ্কা মাছ উদ্ধাৰ  :
Aiidesh Photo

Aiidesh News :  28th August :

বোকাখাতৰ পৰাই চলিছে বিৰল প্ৰজাতিৰ ফুটুকী চেং বা চান্না বাৰ্কা মাছৰ গোপন বেহা ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অতি সংগোপন আৰু কৌশলেৰে কৰায়ত্ব কৰি বোকাখাতৰ পৰাই দীৰ্ঘ দিনৰ পৰা একাংশ চোৰাং ব্যৱসায়ীয়ে চলাই আহিছে ফুটুকী চেং বা চান্না বাৰ্কা মাছৰ ব্যৱসায় ৷ যোৱা নিশা ১১ টা অতি বিৰল প্ৰজাতিৰ ফুটুকী চেং বা চান্না বাৰ্কা মাছ  লৈ বোকাখাতৰ পৰা যোৱা এজন লোকক জখলাবন্ধাত আটক কৰে স্থানীয় লোকে ৷ জখলাবন্ধাত সন্দেহজনক ভাৱে ঘুৰি ফুৰা  স্থানীয়লোকে কৰায়ত্ব কৰা এই লোক জন দৰং জিলাৰ দলগাওঁ থানা এলেকাৰ শিয়ালমাৰী গাওঁৰ মহম্মদ মাৰুপ আলী বুলি জানিব পৰা গৈছে ৷ বোকাখাতৰ পৰা বিৰল প্ৰজাতিৰ এই ১১ টা মাছলৈ যোৱা লোকজনে জখলাবন্ধাত সন্দেহজনক ভাৱে ঘুৰি ফুৰা প্ৰত্যক্ষ কৰি স্থানীয় লোকে কৰায়ত্ব কৰি বন বিভাগক অৰ্পন কৰে ৷ বন বিভাগৰ লোকে ব্যক্তিজনৰ পৰা ১১ টা ফুটুকী চেং বা চান্না বাৰ্কা মাছ উদ্ধাৰ কৰে ৷ ঘটনা সন্দৰ্ভত বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰজু কৰি অধিক তথ্যৰ বাবে ধৃত লোকজনক জেৰা চলাই আছে বন বিভাগে ৷ বন বিভাগৰ আগত দিয়া স্বীকাৰোক্তিৰ মতে নিয়মিত ভাৱে বোকাখাত কাষৰীয় অঞ্চলৰ পৰাই এই ফুটুকী চেং সংগ্ৰহ কৰে মহম্মদ মাৰুপ আলীয়ে ৷

আন্ত:ৰাষ্ট্ৰীয় বজাৰত এটা ফুটুকী চেংৰ দাম প্ৰায় ৭৫ হেজাৰ মতে এই ব্যৱসায়ত বোকাখাতৰ কাষৰীয় অঞ্চলৰ লোকো জড়িত আছে ৷

সাপৰ মুৰৰ আকৃতিৰ আৰু দেখাত চেঙেলী মাছৰ দৰে এই চান্না বাৰ্কা মাছ ব্ৰহ্মপুত্ৰ উপত্যকা নেপাল আৰু বাংলাদেশৰ ঠাই বিশেষে পোৱা এবিধ বিৰল প্ৰজাতিৰ মাছ ৷ বিৰল প্ৰজাতি এই চান্না বাৰ্কা মাছৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰত চাহিদা থকাৰ বাবেই ইয়াৰ এখন চোৰাং বজাৰ গঢ়ি উঠিছে ৷ আন্ত:ৰাষ্ট্ৰীয় বজাৰত এটা ফুটুকী চেংৰ দাম প্ৰায় ৭৫ হেজাৰ মতে এই ব্যৱসায়ত বোকাখাতৰ কাষৰীয় অঞ্চলৰ লোকো জড়িত আছে ৷

*********