কাজিৰঙাৰ কঁহৰাত সদৌ বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত দুদিনীয়া টাইকোৱাণ্ডোৰ প্ৰতিযোগিতা শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহন :

কাজিৰঙাৰ কঁহৰাত সদৌ বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত দুদিনীয়া টাইকোৱাণ্ডোৰ প্ৰতিযোগিতা শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহন :
Aiidesh Photo

কাজিৰঙাৰ কঁহৰাত সদৌ বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত দুদিনীয়া টাইকোৱাণ্ডোৰ প্ৰতিযোগিতা : শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহন :

Aiidesh News : 13 July 2023 :

কাজিৰঙাৰ কঁহৰাত ১২ জুলাইৰ পৰা দুদিনীয়া কাৰ্যসুচীৰে সদৌ বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ অধীনত নিৰ্বাচনী প্ৰক্ৰিয়াৰ এক টাইকোৱাণ্ডো প্ৰতিযোগিতা জিলা ভিত্তিত আৰম্ভ হৈছে ৷ কাজিৰঙাৰ কঁহৰাত থকা ৰূপজ্যোতি সংঘৰ প্ৰাংগনত ১২ জুলাইত এই নিৰ্বাচনী প্ৰতিযোগিতাৰ খেলখন আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয় ৷ এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত কহঁৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলংকাৰ বৰাই বন্তি প্ৰজ্বলন কৰি দুদিনীয়া জিলা ভিত্তিৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাখনৰ উদ্বোধন কৰে ৷ অনুষ্ঠানত কাজিৰঙাৰ জেষ্ঠ সাংবাদিক ৰঞ্জিত ৰজক, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য়,সদৌ বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ সভাপতি হোমেন গগৈ, সম্পাদক সোমেশ্বৰ পাটগিৰিৰ উপৰিও কঁহৰাৰ বেজা বৈষ্ণৱ চিকিৎসালয়ৰ চিকিৎসকৰ দল উপস্থিত থাকে ৷

১২ জুলাইৰ পৰা আৰম্ভ হোৱা এই নিৰ্বাচনী টাইকোৱাণ্ডো প্ৰতিযোগিতাত বোকাখাতৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ  কৰিছে ।  প্ৰতিযোগিতাত  বোকাখাতৰ টাইকোৱাণ্ডো প্ৰতিযোগীৰ উপৰিও সমৰকলা কাৰাটেৰ বিভিন্ন শাখাৰ খেলুৱৈ সকলেও  অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে এই নিৰ্বাচনী প্ৰতিযোগিতাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰতিযোগীক পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'ব লগা সদৌ অসম আন্ত:জিলা টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবলৈ দিয়া হ'ব বুলি সদৌ বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ সম্পাদক সোমেশ্বৰ পাটগিৰিয়ে জানিবলৈ দিয়ে ৷

*************